ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
আজি দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম বিধানসভাৰ বিশে ষঅধিবেশন৷ বিধানসভাৰ কাৰ্যসূচী ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হোৱাৰ সময়তে বিৰোধীয়ে উত্তপ্ত কৰি তোলে বিধানসভাৰ মজিয়া৷ ফলত ৪৫ মিনিটৰ বাবে বন্ধ ৰাখিবলগা হয় বিধানসভাৰ কাম-কাজ৷
আনহাতে, অসম বিধানসভাৰ বিশেষ অধিবেশনৰ আৰম্ভণিৰ পূৰ্বে বিধানসভাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ সৰুক্ষেত্রী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে প্ৰস্তাৱিত সৰুক্ষেত্রী বিধানসভা সমষ্টি বজালী জিলাত অন্তৰ্ভুক্তি কৰ্তন কৰি বৰপেটা জিলাতে ৰখাৰ দাবীত বিধানসভাৰ বাহিৰত প্লে’-কাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে শিকদাৰে৷













