ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত অব্যাহত আছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। সোমবাৰে পুৱাই কটনিয়ানে প্ৰতিবাদৰ অংশ হিচাপে প্ৰতীকী মেজিত দাহ কৰে জাতিধ্বংসী সংশোধিত নাগৰিকত্ব আইনৰ প্ৰতিলিপি। কটন বিশ্ববিদ্যালয়ৰ সন্মুখত শিক্ষাৰ্থীসকলে মেজি জ্বলাই দাহ কৰে এই ক’লা আইনখনৰ প্ৰতিলিপি।
নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয়, “অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু পালেহি। তথাপি কিন্তু আমাৰ আনন্দ নাই। কাৰণ অসমীয়া জাতিটোক বিজেপিয়ে নিঃশেষ কৰিব ওলাইছে৷ আজি আমি দুখিত, পাঁচগৰাকীকৈ ডেকাশক্তিক আমি হেৰুৱাইছোঁ। তাৰ পিছতো চৰকাৰে ৰাইজৰ আন্দোলনৰ প্ৰতি শ্ৰদ্ধা জনোৱা নাই৷”
কলিতাই লগতে অসমবাসীলৈ আহ্বান জনায়, “মেজিৰ কাষত সকলো অসমীয়া ৰাইজে জাতি ৰক্ষাৰ পণ লওক। চৰকাৰে প্ৰকাশ কৰা সংশোধিত নাগৰিকত্ব আইনৰ ৰাজপত্ৰিত নিৰ্দেশাৱলীৰ প্ৰতিলিপি সকলোৱে দাহ কৰক৷”
আইনখনৰ প্ৰতিলিপি দাহ কৰি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বৰ্তমানৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে কয়, “চৰকাৰৰ চৰিত্ৰ উদঙাই দিব পৰা সকলো কাম ছাত্ৰ সমাজে কৰি যাব, জাতি-কৃষ্টি ৰক্ষাৰ স্বাৰ্থত৷ প্ৰতীকী মেজিত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি উথাপন কৰিব বিচাৰিছোঁ অসমীয়াৰ কৃষ্টি-সংস্কৃতি চৰকাৰৰ ফেচিবাদী নীতিতকৈ যে ঊৰ্ধ্বত সেইটো। অসমীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰতীক এই পৱিত্ৰ মেজিৰ জুয়ে যাতে চৰকাৰৰ ফেচিবাদী নীতিক ধ্বংস তথা জ্বলাই শেষ কৰি দিয়ে তাৰ আদর্শ হিচাপে এই প্ৰতিলিপি জ্বলোৱা হৈছে৷”
আনহাতে, অসমবাসীক উদ্দ্যেশ্যি বৰদলৈৰ আহ্বান, “প্ৰতিঘৰ অসমীয়াৰ ঘৰত এই জুইকুৰা জ্বলিব লাগে। চৰকাৰৰ প্ৰতিটো ফেচিবাদী কুকৰ্ম জ্বলাই শেষ কৰিব লাগে৷”













