ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
আজি এদিনীয়াকৈ আৰম্ভ হৈছে অসম বিধানসভাৰ বিশেষ অধিবেশন৷ ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হয় অসম বিধানসভাৰ বিশেষ অধিৱেশন। কিন্তু ৰাজ্যপালৰ ভাষণৰ সময়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিধানসভা। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিবলৈ গৈ ছহিদ হোৱা ঘটনাৰ উল্লেখ কৰি বিধানসভাৰ মজিয়া উত্তাল কৰে বিৰোধী দল কংগ্ৰেছ আৰু এআইইউডিএফে। হাতে-হাতে প্লে’-কাৰ্ড লৈ উত্তাল কৰি তোলে বিধানসভাৰ মজিয়া। ফলত আধাতে সামৰিবলগা হয় ৰাজ্যপালৰ ভাষণ।
আনহাতে, বিধানসভাৰ অধিৱেশনৰ চাহমেলো বৰ্জন কৰে বিৰোধী কংগ্ৰেছে। এই কথা জানিবলৈ দিয়ে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই।
ইফালে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ বক্তব্য, “অসমত উন্নয়নমূলক কামসমূহ বন্ধ হৈছে। চাৰিওফালে এতিয়া আন্দোলন। আন্দোলনৰ বাবে দায়ী চৰকাৰ। চৰকাৰখন হত্যাকাৰী৷” য’ত মানুহ মৰিছে তাত আমি কেনেকৈ চাহমেলত অংশগ্ৰহণ কৰিম বুলিও প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয়।
উল্লেখ্য যে উত্তপ্ত পৰিস্থিতিৰ বাবে ৪৫ মিনিটৰ বাবে স্থগিত ৰখা হয় বিধানসভাৰ কাম-কাজ।













