
পেৰিছ অলিম্পিক (Paris Olympics)ৰ পূৰ্বে দিল্লীৰ যন্তৰ-মন্তৰত বিনেশ ফ’গাটে (Vinesh Phogat) যাৰ বিৰুদ্ধে প্ৰতিবাদত বহিছিল, সেই ব্রীজভূষণ চৰণ সিঙৰ শিবিৰে এইবাৰ প্ৰতিক্ৰিয়া কৰিছে। স্বৰ্ণ পদকৰ যুঁজৰ পৰা বিনেশক অযোগ্য ঘোষণা কৰাৰ পাছত প্ৰথমবাৰৰ বাবে মুখ খুলিলে সৰ্বভাৰতীয় কুস্তি ফেডাৰেচনে। এদিনতে বিনেশৰ ওজন কেনেকৈ ২ কেজি বাঢ়িল সেয়া এক আশ্চৰ্য। বহিষ্কৃত ব্ৰীজভূষণৰ ঘনিষ্ঠ ডব্লিউ এফ আইৰ সভাপতি সঞ্জয় সিঙে কয় যে তেওঁলোকে আইনী ব্যৱস্থাৰ কথা চিন্তা কৰিছে৷ সংগঠনটোৰ প্ৰাক্তন সভাপতি ব্ৰীজভূষণৰ পুত্ৰ কৰণভূষণ সিঙেও মুখ খোলে।

তেওঁলোকে দোষ বিনেশৰ প্ৰশিক্ষক, পুষ্টিবিদৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰে। হঠাতে বিনেশৰ ওজন কেনেকৈ বাঢ়ি গ’ল সেয়া বুজি পোৱা নাই ডব্লিউ এফ আইৰ সভাপতিয়ে। সঞ্জয়ে কয়, “বিনেশৰ লগত পেৰিছত এজন ব্যক্তিগত প্ৰশিক্ষক, ফিজিঅ’, নিউট্ৰিচনিষ্ট আছে। তেওঁলোকৰ কোনো এজনকো ফেডাৰেচনে নিযুক্তি দিয়া নাই। সকলো খৰচ কেন্দ্ৰীয় চৰকাৰে বহন কৰে।
বিগত দুদিন ধৰি বিনেশৰ ওজন ঠিকেই আছিল। এটা ৰাতিত ২ কেজি কেনেকৈ বৃদ্ধি পাব পাৰে? তেওঁৰ প্ৰশিক্ষক আৰু পুষ্টিবিদে হয়তো ক’ব পাৰিব। আমি আইনী ব্যৱস্থা লোৱাৰ কথা ভাবিছোঁ।” তেওঁ সংশ্লিষ্ট পক্ষৰ লগত কথা পতা বুলিও কয় । পিটি ঊষাৰ সৈতে নিয়মীয়া যোগাযোগত থকা বুলি উল্লেখ কৰি কয় যে তেওঁৰ লগত কথা পতাৰ পিছত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিম।













