
সোণৰ পদক লাভৰ বাবে ওজন কমাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল বিনেশ ফ’গাটে (Vinesh Phogat)। অৱশেষত তেওঁ ইমানেই হতাশ হৈ পৰে যে চুলিও কাটি পেলায় । শৰীৰৰ পৰা তেজো উলিয়ায়। তাৰ পিছতো শেষৰক্ষা নহ’ল। প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় বিনেশ (Vinesh is out of the competition)।
মঙলবাৰে ছেমি ফাইনেলত জয়লাভ কৰি বিনেশে ফাইনেলত প্ৰৱেশ কৰে। ৫০ কেজি শাখা (50 kg branch)ত খেলিবলৈ নামি বিনেশৰ ওজন প্ৰায় ২ কেজি বাঢ়ি যায়। ওৰেনিশাটো ওজন কমাবলৈ চেষ্টা কৰিছিল বিনেশে। গোটেই ৰাতি জগিং, স্কিপিং আৰু চাইকেল চলায়। ওজন কমাবলৈ ঘাম উলিয়ায়। চুলিও কাটে। শৰীৰৰ তেজো উলিয়ায়।

বিনেশৰ ওজন বহুখিনিয়েই কমি গৈছিল। কিন্তু বুধবাৰে পুৱা ওজন জোখাত তেওঁৰ ওজন ৫০ কেজিৰ পৰা কেইগ্ৰামমান বেছি হোৱা দেখা গ’ল। সেইবাবেই বিনেশক প্ৰতিযোগিতাৰ পৰা অযোগ্য ঘোষণা কৰা হয়।
বিনেশে ঘাম আৰু তেজ উলিয়াই ওজন কমাব বিচাৰিলেও কিন্তু তেওঁৰ সকলো প্ৰচেষ্টা বিফল হ’ল। অযোগ্য ঘোষণাৰ পিছতে অসুস্থ হৈ পৰে বিনেশ। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নিশাটোৰ ভিতৰত বিনেশৰ ওজন কমাবলৈ কৰা প্ৰচেষ্টাত বিপৰ্যয়ৰ সন্মুখীন হৈ অসুস্থ হৈ পৰে বিনেশ।













