
পেৰিছ অলিম্পিক (Paris Olympics)ৰ অভিযান জয়েৰে আৰম্ভ লাভলীনাৰ৷ বুধবাৰে মহিলাৰ 75 কিলোগ্ৰাম শাখাত লাভলীনাই প্ৰথমখন মেচত জয়লাভ (Lovlina wins her first match) কৰে। অসমকন্যা লাভলীনাই হফষ্টাড চুন্নিভাৰ বিৰুদ্ধে সহজ জয় অৰ্জন কৰি চলিত পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হয় (Reaches the quarter-finals)৷ উল্লেখ্য যে 26 বছৰীয়া লাভলীনাই পেৰিছ অলিম্পিকত পোনপটীয়াকৈ প্ৰাক-কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছিল ৷

লাভলীনাই ন’ৰৱেৰ প্ৰতিদ্বন্দ্বীৰ ওপৰত আধিপত্য বিস্তাৰ কৰি 5-0 ৰ ব্যৱধানত সহজ জয় সাব্যস্ত কৰে৷ উল্লেখ্য যে যোৱাবাৰ টকিঅ’ অলিম্পিকত ৬৯ কেজি শাখাত অংশগ্ৰহণ কৰি লাভলীনাই ব্ৰঞ্জৰ পদক জয় কৰিছিল। এইবাৰ তেওঁৰ পৰা দেশবাসীয়ে স্বৰ্ণ পদক আশা কৰিছে। কোৱাৰ্টাৰ ফাইনেলত লাভলীনা চীনা বক্সাৰ লি কিয়ানৰ মুখামুখি হ’ব। এই প্ৰতিযোগিতাখন 4 আগষ্টত অনুষ্ঠিত হ’ব। মেচখনত জয়লাভ কৰিব পাৰিলে লাভলীনাৰ নামত এটা পদক নিশ্চিত হ’ব।













