
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman) মঙলবাৰে দাখিল কৰে মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট (Full Budget)। আনহাতে, একেৰাহে সপ্তমখন বাজেট সংসদত উত্থাপন কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এক অভিলেখ সৃষ্টি কৰে। নিৰ্মলা সীতাৰমণ একেৰাহে আটাইতকৈ বেছি বাজেট দাখিল কৰা দেশৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী হিচাপে পৰিগণিত হয়।
এইবাৰৰ বাজেটত কেইবাটাও নতুন প্ৰস্তাৱ (Several new proposals) কৰা হৈছে। তাৰে ভিতৰত নিৱনুৱা যুৱক-যুৱতীসকলৰ বাবে এক নতুন প্ৰস্তাৱ আগবঢ়োৱা হৈছে। বাজেটত এই নতুন আঁচনিখনৰ কথা ঘোষণা কৰি বিত্তমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে দেশৰ এক কোটি যুৱক-যুৱতীক বিভিন্ন আগশাৰীৰ সংস্থাত ইন্টাৰ্ণশ্বিপৰ সুযোগ দিয়া হ’ব। আগন্তুক পাঁচ বছৰত যুৱক-যুৱতীসকলে দেশৰ কমেও ৫০০ আগশাৰীৰ সংস্থাত ইণ্টাৰ্ণশ্বিপৰ বাবে সুবিধা লাভ কৰিব বুলিও তেওঁ কয়। দেশত নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে এই পদক্ষেপক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে। কাৰণ পূৰ্বতে চৰকাৰী উদ্যোগত দেশত তেনে কোনো ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা নাছিল।

বাজেট ঘোষণাত নিৰ্মলা সীতাৰমণে কয় যে ইণ্টাৰ্ণশ্বিপৰ সময়ত যুৱক-যুৱতীসকলে পাঁচ হাজাৰ টকাৰ ভাট্টা আৰু ছহাজাৰ টকাৰ এককালীন ভাট্টা লাভ কৰিব। তেওঁলোকৰ প্ৰশিক্ষণৰ খৰচ সংশ্লিষ্ট কোম্পানীয়ে বহন কৰিব। এই ব্যয় কৰ্প’ৰেট সামাজিক দায়বদ্ধতা (CSR) পুঁজিৰ পৰা পূৰণ কৰিব লাগিব। এই ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে যুৱক-যুৱতীসকলে বাস্তৱ জগতখনক চিনি পাব। লগতে প্ৰতিমাহে উপাৰ্জন কৰিব। প্ৰথমবাৰৰ বাবে চাকৰিৰ বজাৰত প্ৰৱেশ কৰাসকলে এই ধৰণৰ সুযোগ পাব।
আনহাতে, মঙলবাৰে দেশৰ বাজেট ঘোষণা কৰাৰ সময়তে বিত্তমন্ত্ৰীয়ে ৯টা মূল অগ্ৰাধিকাৰ ঘোষণা কৰে। তাৰে এটা হ’ল নিবনুৱা সমস্যা দূৰ কৰা। দেশৰ নৱপ্ৰজন্মৰ বাবে সংস্থাপনৰ সুযোগ বৃদ্ধি কৰি অৰ্থনীতিৰ বিকাশৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ বাহিৰেও বাজেটত নগৰ উন্নয়ন, শক্তি সুৰক্ষা, আন্তঃগাঁথনি আদি দিশসমূহক অগ্ৰাধিকাৰ দিয়া হৈছে।
প্ৰথমবাৰৰ বাবে চাকৰিৰ বজাৰত প্ৰৱেশ কৰাসকলৰ বাবে চৰকাৰে এমাহৰ বিশেষ ভাট্টা দিয়াৰ ব্যৱস্থা কৰিছে। এই আঁচনিৰ দ্বাৰা দুই কোটিৰো অধিক যুৱক-যুৱতী উপকৃত হ’ব। এই প্ৰকল্পৰ বাবে দুই লাখ কোটি টকা আবণ্টন দিয়া হৈছে।
ইয়াৰ উপৰি আগন্তুক পাঁচ বছৰত যুৱক-যুৱতীৰ দক্ষতা বিকাশৰ বাবে ধন আবণ্টন দিয়া হৈছে। ২০ লাখ যুৱ কৰ্মচাৰীয়ে লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে ১.৪৮ লাখ কোটি টকা আবণ্টন দিয়া হৈছে।
বিত্তমন্ত্ৰীগৰাকীয়ে দেশৰ অৰ্থনীতিত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে এক সুকীয়া ঘোষণা কৰে। চৰকাৰে বিভিন্ন সংগঠনৰ সহযোগত দেশজুৰি কৰ্মৰত মহিলাসকলৰ বাবে একাধিক হোষ্টেলৰ ব্যৱস্থা কৰিব। ইয়াৰ দ্বাৰা মহিলাসকলৰ কৰ্মসংস্থাপনৰ সুযোগ, কৰ্মক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণ বৃদ্ধি পাব বুলি আশা কৰা হৈছে।













