বাজেটৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman) সোমবাৰে লোকসভা (Lok sabha)ত অৰ্থনৈতিক সমীক্ষা প্ৰতিবেদন দাখিল (Submission of Economic Survey Report) কৰে। প্ৰতিবেদন দাখিল কৰাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয়, “কৰোনা পৰিস্থিতিৰ পিছত দেশৰ অৰ্থনীতি একাধিক সমস্যাৰ সন্মুখীন হৈছে। কিন্তু বৰ্তমান দেশৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত আছে।”
প্ৰতিবেদন অনুসৰি, যোৱা বিত্তীয় বৰ্ষত দেশৰ অৰ্থনৈতিক বিকাশ ৮.২ শতাংশ হ’ব বুলি আশা কৰা হৈছিল। ২০২৪-২৫ বিত্তীয় বৰ্ষত অৰ্থনৈতিক বৃদ্ধি ৬.৫ শতাংশৰ পৰা ৭ শতাংশৰ ভিতৰত হ’ব বুলি আশা কৰা হৈছে। একে সময়তে ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰাস্ফীতি সূচকাংক ৪.৫ শতাংশ নিৰ্ধাৰণ কৰে। এই প্ৰতিবেদনত দেশৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত থকা বুলিও দাবী কৰা হৈছে।

বিত্তীয় সমীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে, “ভাৰতীয় অৰ্থনীতি এটা শক্তিশালী স্তম্ভ। ভূ-ৰাজনৈতিক প্ৰত্যাহ্বানৰ সন্মুখ হোৱা সত্ত্বেও এতিয়া অৰ্থনীতি সুস্থিৰ হৈ পৰিছে।” সমীক্ষাটো দাঙি ধৰাৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে কয়, “বিগত বিত্তীয় বৰ্ষৰ চাৰিটা ত্ৰৈমাসিকৰ ভিতৰত তিনিটা ত্ৰৈমাসিকত অৰ্থনৈতি বৃদ্ধি ৮ শতাংশতকৈও অধিক। ২০২৩ আৰু ২০২৪ বিত্তীয় বৰ্ষত গঢ়ি উঠা অৰ্থনৈতিক বৃদ্ধিও অহা বছৰত দেখা যাব।”
মূল্যৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ কথা আলোচনা চলি থকাৰ সময়তে সমীক্ষাত খাদ্যৰ মুদ্ৰাস্ফীতিৰ প্ৰতি আশংকা প্ৰকাশ কৰা হৈছে। ২০২৩ বিত্তীয় বৰ্ষত এই ক্ষেত্ৰত মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৬.৬ শতাংশ। ২০২৪ বিত্তীয় বৰ্ষত ই ৭.৫ শতাংশলৈ বৃদ্ধি পাব। প্ৰতিবেদন অনুসৰি, প্ৰতিকূল বতৰৰ বাবে খাদ্য উৎপাদনত প্ৰভাৱ পৰিছিল। কৃষকসকলে কৃষিত প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু ২০২৩ বিত্তীয় বৰ্ষৰ পৰা ২০২৪ বিত্তীয় বৰ্ষলৈ খুচুৰা মুদ্ৰাস্ফীতি ১.৩ শতাংশলৈ হ্ৰাস পাইছে। কৰোনাৰ সৈতে মোকাবিলা কৰাৰ পিছত খুচুৰা মুদ্ৰাস্ফীতিৰ এই হাৰ সৰ্বনিম্ন বুলিও দাবী কৰিছে প্ৰতিবেদনত।
আনহাতে, প্ৰতিবেদনত বাৰ্ষিক নিবনুৱা সমস্যাৰ কথাও উল্লেখ কৰা হৈছে। তাত কোৱা হৈছে যে আগন্তুক বিত্তীয় বৰ্ষত এই হাৰ হ্ৰাস পাব পাৰে। কৰোনাৰ পিছত দেশৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে কৰ্মসংস্থাপন। যাৰ প্ৰভাৱ পৰিছে ভাৰতৰ অৰ্থনীতিত। মহিলাৰ কৰ্মৰ হাৰো বৃদ্ধি পাইছে। ২০১৭-১৮ বিত্তীয় বৰ্ষত এই হাৰ আছিল ২৩.৩ শতাংশ। বিগত ছবছৰত সেই হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ২০২২-২৩ চনত ৩৭ শতাংশলৈ আহিছিল। বিশেষকৈ গ্ৰাম্য মহিলাসকলৰ কাম কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।