ASSAM TIMES POST
বিশেষ প্ৰতিবেদন
ঠিক যেন বিশালকায় এখন নাও৷ যে নহাজাৰ হাজাৰ যাত্ৰী কঢ়িয়াই সেইখন আগবাঢ়ি গৈ আছে৷ তাৰ পেটৰ মাজত আছে এখন সেউজীয়া ক্ৰিকেট ষ্টেডিয়াম৷ নাৱত উঠি সেই ষ্টেডিয়ামত হ’ব দুই দেশৰ মাজত বেট-বলৰ যুদ্ধ৷ কিন্তু এই নাও পিছে পানীত ভাঁহি নাথাকে৷ চহৰৰ মাৰ এটা স্থানতে স্থিৰ হৈ থাকিব৷

প্ৰকৃততে এইটো এটা ক্ৰিকেট ষ্টেডিয়াম৷ ইয়াৰ নাম হ’ল শ্বেখ হাচিনা ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়াম৷ বাংলাদেশৰ প্ৰধান মন্ত্ৰী ক্ৰিকেটৰ ভক্ত৷ তেওঁক সন্মান জনায়েই বাংলাদেশ ক্ৰিকেট বোৰ্ডে এই ষ্টেডিয়ামৰ নাম ৰাখিছে বৰ্তমানৰ প্ৰধান মন্ত্ৰীগৰাকীৰ নামত৷

সম্পূৰ্ ণনাৱৰ আকৃতিতেই নিৰ্মাণ কৰা হৈছে ষ্টেডিয়ামখন৷ ইমান সুন্দৰ আৰু আধুনিক ষ্টেডিয়াম ইমান দিনে নাছিল বাংলাদেশত৷

নাও আকৃতিৰ হো ৱাবাবে ইয়াক কোৱা হৈছে ‘বোট ষ্টেডিয়াম’৷ বাংলাদেশৰ স্মাৰ্ট চিটী পূৰ্বাঞ্চলত ছেক্টৰ ১ত ৩৮ একৰ ভূমিৰ ওপৰত গঢ়ি তোলা হৈছে এই ষ্টেডিয়াম৷

২০১৮ চনৰ পৰা আৰম্ভ হৈছিল ইয়াৰ নিৰ্মাণ-কাৰ্য৷ সকলো ঠিকে থাকিলে ২০২২ত নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ কথা৷ ইয়াত খেল উপভোগৰ বাবে থাকিব তিনি মহলীয়া গেলাৰী আৰু এটা মিডিয়া চেণ্টাৰ৷ খেলুৱৈসকলৰ অনুশীলনৰ বাবে থাকিব অন্য ব্যৱস্থা৷

ষ্টেডিয়ামটোৰ নিৰ্মাণ ব্যয় হ’ব আনুমানিক ১৪০ মিলিয়ন ডলাৰ, ভাৰতীয় মুদ্ৰাত এক হাজাৰ কোটি টকাৰো অধিক৷ এইটোৱেই আগন্তুক সময়ত এছিয়াৰ সৰ্বাধিক ব্যয়বহুল ক্ৰিকেট ষ্টেডিয়াম হ’বলৈ আগবাঢ়িছে৷

এই ষ্টেডিয়ামৰ দৰ্শকৰ বহন ক্ষমতা হ’ব ৫০ হাজাৰৰো অধিক৷ ইয়াক ক্ৰমান্ব য়েবঢ়াই ১ লাখ কৰা হ’ব বুলি ভবা হৈছে৷

ইয়াৰ উফৰি এই ষ্টেডিয়ামত থাকিব বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ মুখ্য কাৰ্যালয়৷ বাংলাদেশ প্ৰিমিয়াৰ লীগ (বিপিএল)ৰ ঢাকা ডায়নামাইটৰ এইটো হ’ব গৃহ ষ্টেডিয়াম৷ ইমান দিনে দলটোৰ ঘৰুৱা ষ্টেডিয়াম আছিল শেৰ-ই-বাংলা আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়াম৷

এই পৰ্যন্ত বাংলাদেশৰ সকলোতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়াম হ’ল বংগবন্ধু ষ্টেডিয়াম৷ এই ষ্টেডিয়াম ৩৬ দৰ্শকৰ বহন ক্ষমতা বিশিষ্ট৷

এতিয়ালৈকে বিশ্বৰ সকলোতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়াম হ’ল অষ্ট্ৰেলিয়াৰ মেলব’ৰ্ণ ক্ৰিকেট ষ্টেডিয়াম৷ এই ষ্টেডিয়ামত ১ লাখতকৈও অধিক দৰ্শ কেখেল উপভোগ কৰিব পাৰে৷ ইয়াৰ ষ্টেডিয়ামৰ আকাৰ দীঘত ১৭১ মিটাৰ আৰু প্ৰস্থই ১৪৬ মিটাৰ৷

মেলব’ৰ্ণৰ পিছতে স্থান কলকাতাৰ ইডেন গাৰ্ডেন৷ ইয়াৰ দৰ্শক ধাৰণ ক্ষমতা ৬৮ হাজাৰ৷ ইডেন গাৰ্ডেন বিশ্বৰ দ্বিতীয় আৰু এই পৰ্যন্ত ভাৰতৰ সকলোতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়াম৷

অৱশ্যে অতি শীৰ্ঘে মেলব’ৰ্ণ আৰু ইডেনক এঢাপ পিছ পেলাবলৈ আগবাঢ়িছে গুজৰাটৰ আহমেদাবাদত নিৰ্মাণৰত চৰ্দাৰ বল্লভভাই পেটেল ষ্টেডিয়াম৷

গুজৰাটৰ মটেৰাত নিৰ্মাণ হোৱা বাবে নিৰ্মাণ হোৱা বাবে এই ষ্টেডিয়ামক মটেৰা ষ্টেডিয়াম নামে জনা যায়৷ এই ষ্টেডিয়াম নিৰ্মাণ হৈছিল ১৯৮২ চনত৷ পূৰ্বৰ দৰ্শকৰ ধাৰণ ক্ষমতা আছিল ৫৪ হাজাৰ লোক৷ ২০১৭ চনৰ পৰা ইয়াৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ কাম আৰম্ভ হয়৷ ২০২০ চনৰ ভিতৰতে ইয়াৰ নিৰ্মাণ-কাৰ্য শেষ হোৱাৰ কথা৷

মটেৰা ষ্টেডিয়ামৰ দৰ্শকৰ বহন ক্ষমতা কিমান হ’ব পাৰে বাৰু? মটেৰাত ১ লাখ ১০ হাজাৰ লোকে খেল উপভোগ কৰিব পাৰিব৷ সম্প্ৰসাৰণৰ বাবে আনুমানিক ব্যয় হ’ব ৭০০ কোটি টকা৷













