শুকুৰবাৰে বিশ্বজুৰি ভীষণ সমস্যাৰ সন্মুখীন হয় মাইক্ৰ’ছফ্টৰ ব্যৱহাৰকাৰীসকলে। ‘ব্লু স্ক্ৰীণ অব ডেথ’ (Blue Screen of Death) নামৰ এক সমস্যাৰ সন্মুখীন হয় মাইক্ৰ’ছফ্টে (Microsoft is facing problems)। অৱশ্যে পৰৱৰ্তী সময়ত এই সমাস্যাৰ সমাধান হয়। এই দাবী মাইক্ৰ’ছফ্টৰ। অৱশ্যে কোম্পানীটোৱে লগতে কয় যে ‘অফিচ ৩৬৫’ এপ আৰু সেৱাৰ ক্ষেত্ৰত এতিয়াও কিছু প্ৰভাৱ পৰিব। এণ্টিভাইৰাছ কোম্পানী ক্ৰাউডষ্ট্ৰাইকৰ মুখ্য কাৰ্যবাহী বিষয়াই শুকুৰবাৰে কয় যে বিশ্বজুৰি আই টিৰ ক্ষেত্ৰত মাইক্ৰ’ছফ্টৰ সমস্যা সমাধান কৰা হৈছে।
এই ঘটনাৰ কিছু সময়ৰ পাছতেই সমগ্ৰ বিশ্বতে চাইবাৰ আক্ৰমণৰ কথাও ওলায়। কিন্তু সেই তত্ত্ব মাইক্ৰ’ছফ্টে সম্পূৰ্ণৰূপে নাকচ কৰিছে। শুকুৰবাৰে পুৱা প্ৰায় ১১.৩০ বজাত কম্পিউটাৰৰ পৰ্দাখন হঠাতে নীলা হৈ পৰে। কম্পিউটাৰৰ পৰ্দা হঠাতে নীলা হৈ পৰা, তাৰ পিছত বন্ধ হোৱা, তাৰ পিছত নিজে নিজে পুনৰ আৰম্ভ হোৱাৰ দৰে ঘটনাৰ বাতৰি পোৱা গৈছে।
কিন্তু এয়া কিয় হ’ল, কেনেকৈ হ’ল তাকে লৈ বিশ্বজুৰি হৈ চৈ লাগি পৰে। সেই সময়ত মাইক্ৰ’ছফ্টে দাবী কৰে যে এই সমস্যা ‘ক্ৰাউডষ্ট্ৰাইক’ আপডেটৰ বাবেই হৈছে। ইয়াৰ ফলত উইণ্ড’জ চলোৱা ডেস্কটপ আৰু লেপটপত সমস্যাৰ সৃষ্টি হয়। ইয়াক কম্পিউটাৰৰ ভাষাত ‘Blue Screen of Death’ বুলি কোৱা হয়।
ইফালে মাইক্ৰ’ছফ্টৰ এই সমস্যাৰ বাবেই সমগ্ৰ বিশ্বৰ বিমান সংস্থা, বেংক, ষ্টক মাৰ্কেটত বিপুল প্ৰভাৱ পৰে। বিমান পৰিবহণৰ তথ্য বিশ্লেষণ প্ৰতিষ্ঠান ছিৰিয়ামে জনোৱা মতে, এই সমস্যাৰ বাবেই বিশ্বজুৰি ১৪০০খন বিমান বাতিল কৰিবলগা হয়। সংস্থাটোৰ তথ্য অনুসৰি, আমেৰিকাত ৫১২ খন বিমান বাতিল কৰা হৈছে। জাৰ্মানীত ৯২খন, ভাৰতত ৫৬খন, ইটালীত ৪৫ খন আৰু কানাডাত ২১ খন বিমান বাতিল কৰা হৈছে। সূত্ৰ অনুসৰি, বেংগালুৰু বিমানবন্দৰৰ টাৰ্মিনেলত ১ৰ পৰা ৯০ শতাংশ বিমান সেৱা ব্যাহত হৈছে।