ASSAM TIMES POST
নিউজ ডেস্ক
জেএনইউ-কাণ্ডৰ পাঁচটা দিন অতিক্ৰম কৰিলে৷ কিন্তু উক্ত ঘটনাক লৈ সন্দেহৰ আঙুলি উঠা এজনকো প্ৰেপ্তাৰ কিম্বা আটক আটক কৰা নাই দিল্লী আৰক্ষীয়ে৷ ইয়াৰ বিপৰীতে বিশ্ববিদ্যালয়ত পূৰ্বতে হোৱা এক গণ্ডগোলত যুক্ত থকাৰ অভিযোগত জেএনইউ ছাত্র সন্থাৰ সভানেত্ৰী ঐশী ঘোষসহ সাতগৰাকী বামপন্থী ছাত্ৰ-ছাত্ৰীক প্রাথমিকভাৱে চিহ্নিত কৰে আৰক্ষীয়ে। ইয়াৰ ভিতৰত এইবাৰ দুগৰাকী এবিভিপি সদস্যৰ নামো সাঙোৰ খাই পৰে।

জেএনইউত আক্ৰমণৰ পিছতেই অভিযোগৰ আঙুলি উঠিছিল আৰএছএছৰ ছাত্র সংগঠন এবিভিপিৰ ফালে। এই আক্ৰমণৰ একাধিক ছবি আৰু এই সংক্রান্তীয় ‘পৰিকল্পনা’ৰ ৱাটছএপ কথোপথন বিয়পি পৰিছিল ছ’চিয়েল মিডিয়াত। ইয়াৰ সমান্তৰালভাৱে দিল্লী আৰক্ষী আৰু জেএনইউৰ সঙ্ঘ-ঘনিষ্ঠ উপাচার্যৰ ভূমিকাক লৈও প্রশ্ন উঠে। কিন্তু বিজেপিৰ শীর্ষ নেতৃত্বই লক্ষ্য কৰে বাম ছাত্র সংগঠনকেইটাকেই।

দিল্লী আৰক্ষীৰ ভাৰপ্রাপ্ত কেন্দ্রীয় গৃহ উপ-মন্ত্রী নিত্যানন্দ ৰায়ে কার্যত এবিভিপিক ‘ক্লিনশ্বিট’ দি আঙুলি তোলে বাম-কংগ্রেছৰ দিশে। এই অৱস্থাত প্রশ্ন উঠে, কিমান ‘নিৰপেক্ষ’ তদন্ত কৰিব অমিত শ্বাহৰ নিয়ন্ত্রণত থকা দিল্লী আৰক্ষীয়ে? শুকুৰবাৰে দিল্লী আৰক্ষীৰ সংবাদ মেলৰ পিছত বহুতেই কৈছিল, দিল্লী আৰক্ষীয়ে অমিত শ্বাহৰ কথা মতেই উঠা-বহা কৰিছে।

অৱশ্যে তেওঁলোকৰ বিৰুদ্ধে ওঠা অভিযোগ দিল্লী আৰক্ষীয়ে নাকচ কৰিলেও ঐশীয়ে দিল্লী আৰক্ষীৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ তুলিছে। আনহাতে, চিহ্নিত বিকাশ আৰু যোগেন্দ্র ভৰদ্বাজ নামৰ শিক্ষাৰ্থী দুজন নিজৰ সদস্য বুলি মানিলে ল’লেও এবিভিপিৰ দাবী, সম্পূৰ্ণ তদন্তৰ পূৰ্বে এই বিষয়ত কিবা কোৱাটো ভুল হ’ব।













