ASSAM TIMES POST
নিউজ ডেস্ক
অফালে অজয়-কাজলৰ ‘কামবেক’ ছবি ‘তানাজি’, অন্য দিশে শেহতীয়াভাৱে বিতৰ্কৰ আৱৰ্তত সোমাই পৰা মেঘনা গুলজাৰ পৰিচালিত তথা দীৰিকা পাডুকনৰ প্ৰথম প্ৰযোজনা আৰু অভিনীত ছবি ‘ছপাক’৷ অৱশ্যে মঙলবাৰৰ সন্ধ্যাৰ পূৰ্বে ‘ছপাক’ৰ আগত ‘বিতৰ্ক’ শব্দটো বহা নাছিল৷ মঙলবাৰে হঠাৎ দীপিকা জেএনইউলৈ যোৱা আৰু ঐশীৰ সৈতে একে মঞ্চত থিয় হৈ আন্দোলকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ সংগ দিয়াৰ পিছতে সম্পূৰ্ণ ছবি সলনি হৈ যায়৷ #বয়কট দীপিকা আৰু #বয়কট ‘ছপাক’-এ তেতিয়া ফেচবুক, টুইটাৰৰ ৱাল ভৰাই পেলাইছিল। ওলোটাকৈ আকৌ সমৰ্থকসকলে লিখিছিল #আইছপ’র্টদীপিকা।
চিনেমাত ৰাজনীতিৰ ৰং লগাৰ লগে লগে চিন্তা বাঢ়িছিল দীপিকা অনুৰাগীসকলৰ মনত। প্রশ্ন উঠিছিল, ইয়াৰ কাৰণে বক্স অফিচত মূল্য ভৰিব লাগিব নেকি দীপিকাই? উল্লেখ্য যে শুকুৰবাৰে মুক্তি পাইছে ‘ছপাক’ আৰু ‘তানাজি’। কিন্তু প্ৰথম দিনটোৰ হিচাপত আগত থাকিল কোনখন ছবি? জেএনইউলৈ যোৱাৰ মাচুল ভৰিবলগা হ’ল নেকি দীপিকাই? দেখা যাওক তাৰেই এক হিচাব-নিকাচ।
ট্রেড এনালিষ্ট তৰুণ আদর্শৰ মতে, প্রথম দিনৰ শেষত তানাজিৰ জোলোঙালৈ আহে ১৫ কোটি ১০ লক্ষ টকা, যিটো কোনো কাৰণতে সামান্য নহয়। অন্যহাতে, ছপাকৰ খাতালৈ আহে ছয় কোটি টকা। অৱশ্যে আন্য এটি সূত্রৰ মতে, সংখ্যাটো ছয় কোটি নহয়, সাত-চাৰে সাত কোটিৰ ওচৰাওচৰি। পাচ-ছয়-সাত যিয়েই নহওক কিয়, প্রথম দিনত বক্স অফিচত কিন্তু তানাজিৰ ফালেই পাল্লা ভাৰী হয়।
ৰ’ব, দীপিকাৰ অনুৰাগীসকল। ‘ছপাক’ পিছপৰি আছে বুলে মন বেয়া কৰা বিশেষ কাৰণ নাই। ছপাক মুক্তি পাইছে ১২০০খন স্ক্রিনত। অন্যহাতে, তানাজিৰ স্ক্রিনৰ সংখ্যা ২৭০০। মানে দুগুণৰো বেছি। যিমান বেছি স্ক্রিন, সিমান বেছি দৰ্শক। যিমান বেছি দৰ্শক, সিমান বেছি টিকট বিক্ৰী আৰু বক্স অফিচত লক্ষ্মীলাভ। সেইটো হিচাব কৰিলে দেখা যায় এক হিচাবত ‘ছপাক’ কিন্তু খুব এটা পিছপৰি থকা নাই তানাজিতকৈ৷
আনহাতে, তানাজিৰ নিৰ্মাণত খৰচ হৈছিল ১৫০ কোটি টকা। ইফালে ছপাকৰ বাজেট ৩৫ কোটি। প্ৰমোশনক লৈ অতিৰুক্ত খৰচ ১০ কোটি।
সেয়েহে ফিল্ম এনালিস্টসকলৰ একাংশই কৈছে, দীপিকা-মেঘনাৰ ড্রিম প্রজেক্ট ‘ছপাক’-এ বক্স অফিচত যিমান কঁপাব বুলি ধাৰণা কৰা হৈছিল, প্রথম দিনৰ অঙ্কই কিন্তু সেই কথা কোৱা নাই। অৱশ্যে এটা দিনৰহে অংক এইটো৷ আজিৰ দিনটোৰ হিচাপ এতিয়া বাকী৷ ‘পিকচাৰ অভি বাকি হ্যায়’… ।













