
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman) ২৩ জুলাইত সংসদত দাখিল কৰিব (will be presented in Parliament on July 23) ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট (Full Budget) তাৰ এদিন পূৰ্বে আৰম্ভ হ’ব বাজেট অধিবেশন। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে শনিবাৰে এই কথা ঘোষণা কৰে। নৰেন্দ্ৰ মোডী তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পাছত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ বাজেট দাখিল কৰিবলৈ ওলাইছে নিৰ্মলাই। ইয়াৰ পূৰ্বে মোডী চৰকাৰৰ দুটা কাৰ্যকালত বিজেপিৰ সংখ্যাগৰিষ্ঠতা আছিল। এইবাৰ নাই। সেই কাৰণে এই বাজেটখনত নাগৰিকৰ পৰা আৰম্ভ কৰি বিৰোধীলৈকে সকলোৱে তীক্ষ্ণ দৃষ্টি ৰাখিব বুলি ধাৰণা কৰা হৈছে।
ৰিজিজুৱে শনিবাৰে ছচিয়েল মিডিয়াত এটা পোষ্টত তেওঁ কয়, ২২ জুলাইৰ পৰা সংসদত বাজেট অধিবেশন আৰম্ভ হ’ব। এই অধিবেশন ১২ আগষ্টলৈকে চলিব। কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিবেশন আহ্বান কৰাৰ পৰামৰ্শক ৰাষ্ট্ৰপতিয়ে অনুমতি প্ৰদান কৰিছে। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট ২৩ জুলাইত সংসদত দাখিল কৰা হ’ব।

ইয়াৰ লগে লগে নিৰ্মলাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী হিচাপে একেৰাহে সাতবাৰ বাজেট দাখিল কৰিবলৈ ওলাইছে। এইটো দেশত প্ৰথম। ইয়াৰ পূৰ্বে দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী মোৰাৰজী দেশায়ে একেৰাহে ছবাৰ বাজেট দাখিল কৰিছিল। এইবাৰ নিৰ্মলাই তেওঁক অতিক্ৰম কৰিব।
উল্লেখযোগ্য যে চলিত বৰ্ষত অনুষ্ঠিত হয় লোকসভা নিৰ্বাচন। সেই কাৰণে ১ ফেব্ৰুৱাৰীত সংসদত দাখিল কৰা হৈছিল অন্তৱৰ্তীকালীন বাজেট। ইয়াৰ পিছত তৃতীয়বাৰৰ বাবে লোকসভা নিৰ্বাচনত জয়লাভ কৰি মোডী চৰকাৰ ক্ষমতালৈ আহে। মোডী চৰকাৰৰ তৃতীয় পৰ্যায়ত প্ৰথমখন সম্পূৰ্ণ বাজেট দাখিল কৰিবলৈ ওলাইছে নিৰ্মলাই। ইফালে কিছুমান ৰাজনীতিবিদে ভাবে যে চৰকাৰৰ অংশীদাৰে বাজেটত প্ৰভাৱ পেলাব পাৰে। সেইবাবেই এই বাজেটক লৈ যথেষ্ট আশা আছে। ইয়াৰ উপৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংসদত মুকলি ভাষণ দি সেই আশাত ইন্ধন যোগাইছে। এই চৰকাৰৰ কাৰ্যকালত “ঐতিহাসিক পদক্ষেপ” লোৱা হ’ব বুলিও তেওঁ কয়। ২৭ জুনত দিয়া ভাষণত তেওঁ কয়, “চৰকাৰৰ সুদূৰপ্ৰসাৰী নীতি আৰু দৃষ্টিভংগী এই বাজেটত প্ৰকাশ পাব। গুৰুত্বপূৰ্ণ অৰ্থনৈতিক আৰু সামাজিক সিদ্ধান্তৰ লগতে ঐতিহাসিক পদক্ষেপো দেখা যাব এই বাজেটত।”













