ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাসহ ৩০ জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত বৃহস্পতিবাৰে মহানগৰীত অনুষ্ঠিত হয় খিলঞ্জীয়াৰ ‘ৰণশিঙা’।মহানগৰীৰ ৰটাৰীৰ পৰা ডবা, শংখ, বৰতাল, নেগেৰা, বিহু ঢোল, কাৰ্বি ঢোল(চেং), বড়ো ঢোল(খাম), যথা, চিফুং, জুনুকা, ৰাম-কট তাল, টুকুৰী, খোল, মৃদং, টকা, দোতৰা, খুনজুৰি(ডগৰ) আদি থলুৱা বাদ্য পৰিবেশন কৰি বিজেপিৰ বিৰুদ্ধে ‘ৰণশিঙা’ বজায় ৰণ হুংকাৰ দিয়ে।
‘ৰণশিঙা’ বজাই ৰাইজৰ স্পষ্ট কথা, কোনো কাৰণতে গ্ৰহণ কৰা নহ’ব অসমীয়া জাতিক নিঃশেষ কৰি দিব পৰা ‘কা’।“বুৰঞ্জীত ৰণশিঙা যিদৰে বিভিন্ন যুদ্ধৰ আগমুহূৰ্ত বজোৱাৰ কথা উল্লেখ আছে, সেই কথাকে সাৰোগত কৰি খিলঞ্জীয়া অসমীয়াইও অসম নামৰ আইমাতৃক ৰক্ষা কৰাৰ সংগ্রামলৈ যে সাজু হৈছে সেই কথা বিজেপিক ৰণশিঙা বজায় বুজাই দিয়া হৈছে৷”-এই কথা উল্লেখ কৰে লোকবাদ্য শিল্পীসকলে।

ৰণশিঙাত উপস্থিত থাকি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, “চৰকাৰে যেতিয়ালৈকে ‘কা’ বাতিল নকৰে, তেতিয়ালৈকে আন্দোলন চলি থাকিব৷” মুখ্য মন্ত্ৰীয়ে ৰাস্তাত খোজ কাঢ়িলেই ৰাজ্যত শান্তি নাহে বুলিও সমুজ্জ্বল ভট্টাচাৰ্যই লগতে কয়।
‘কা’ আন্দোলন কংগ্ৰেছ আৰু বাওঁপন্থী দলে পৰিচালিত কৰা বুলি মুখ্য মন্ত্ৰী সোণোৱালে কৰা মন্তব্যক উভতি ধৰি সমুজ্জ্বল ভট্টাচাৰ্যই কয়, “কংগ্ৰেছ, বাওঁপন্থী, অগপ দলে কি কৰিলে ৰাইজে দেখিলে।চৰিত্ৰ অসমৰ জনতাই জানে।এই আন্দোলনৰ আগত আছে খিলঞ্জীয়া মানুহৰ অসম প্ৰেম, খিলঞ্জীয়া মানুহৰ নিশ্চিত ভৱিষ্যৎ, সংকল্প আৰু দৃঢ়তা৷”
আছু সভাপতি দীপাংকৰ নাথে বিজেপিয়ে শান্তি সমদললৈ মানুহক এলইডি লাইট আৰু চাউল নাপাব বুলি ভয় খুৱাই অনা বুলি গুৰুতৰ অভিযোগ উথাপন কৰি কয়, “এখন শান্তি সমদল বিজেপিয়ে ৯-১০টা সমষ্টিৰ পৰা মানুহ আনি অনুষ্ঠিত কৰে।বুধবাৰৰ জোনাইৰ শান্তি সমদললৈ ১৯টা সমষ্টিৰ পৰা মানুহ গোটাইছিল বিজেপিয়ে, যাতে তৃণমূল কর্মীসকল হতাশ নহয়৷”
“ৰাইজে একত্ৰিত হোৱাৰ সংকল্প লৈছে।সংগ্রাম দীঘলীয়া হ’ব, চৰকাৰ যেতিয়ালৈ উফৰি নাযাব তেতিয়ালৈ চলি থাকিব সংগ্ৰাম৷” দিপাংকৰ নাথে কয়।
আনহাতে, প্ৰতিবাদস্থলীত উপস্থিত থাকি শিল্পী জুবিন গাৰ্গে সকলোকে একগোট হৈ থাকিব লাগিব বুলি উল্লেখ কৰি কয়, “আন্দোলন দীঘলীয়া হ’ব। আন্দোলনৰ ভাষা এতিয়া বেলেগ বেলেগ হৈ যাব৷”

সমাজকর্মী দেৱেন দত্তই চৰকাৰে কৰা ষড়যন্ত্ৰ সফল নহয় বুলি উল্লেখ কৰি কয়, “মোডীৰ অসম ভ্ৰমণ বাতিল হোৱাটোৱে প্ৰথম পৰ্যায়ত অসমীয়াৰ জয়৷”
ৰণশিঙাত বড়ো জনগোষ্ঠীয় চিফুং পৰিৱেশন কৰি ভক্তৰাম বড়োৱে কয়, “কা কি আমি জানিবৰ বাবে ৰণশিঙালৈ আহিছোঁ৷”
প্ৰায় তিনি শতাধিক লোকে অংশগ্ৰহণ কৰা ৰণশিঙা কাৰ্যসূচীত উপস্থিত থাকে শিল্পী ৰমেন বৰুৱা, মানস ৰবীন, জিনা ৰাজকুমাৰী, ময়ূৰী দত্ত, ৰাহুল গৌতম শৰ্মাকে ধৰি বহুসংখ্যক বিশেষ ব্যক্তি।
উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি ৰাজ্যজুৰি গ্ৰহণ কৰা হয় ‘কা’ৰ বিৰুদ্ধে ৰণশিঙা। তাৰে অংশ আছিল মহানগৰীৰ কাৰ্যসূচী।













