পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ (Again violence in Manipur)। মণিপুৰৰ এই শেহতীয়া হিংসাত্মক পৰিস্থিতি অসম সীমান্তলৈকে বিয়পি পৰিছে। অসমৰ সীমান্তৱৰ্তী মণিপুৰৰ জিৰিবামত এনে কিছু হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত উত্তেজনা বৃদ্ধি পাইছে। যাৰ বাবে কাছাৰৰ লক্ষীপুৰৰ অসম-মিজোৰাম সীমান্ত অঞ্চলত কাছাৰ আৰক্ষীয়ে কঠোৰ সতৰ্কতা জাৰি (Cachar police sounded a strict vigil) কৰিছে । কিয়নো জিৰিবাম আদি অঞ্চলৰ ৰাইজে লক্ষীপুৰৰ বিভিন্ন স্থানত আশ্ৰয় ল’বলৈ আৰম্ভ কৰিছে। স্থানীয় সূত্ৰই জনোৱা মতে, বিগত চাৰিদিনত জিৰিবামৰ পৰা জিৰি নদী পাৰ হৈ কমেও ৬০০ লোকে কাছাৰত আশ্ৰয় (600 people take shelter in Cachar) লৈছে। জিৰিঘাটৰ লগতে লক্ষীপুৰৰ অন্যান্য স্থানৰ বহু গাঁৱতো এইসকল লোকে আশ্ৰয় লৈছে। অৱশ্যে এতিয়ালৈকে কোনো চৰকাৰী শিবিৰ খোলা হোৱা নাই যদিও প্ৰশাসনে শৰণাৰ্থীসকলৰ সকলো প্ৰকাৰে যত্ন লৈছে।
ইফালে লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়ে পিটিআইক জনোৱা মতে, জিৰিবাম (Jiribum)ৰ পৰা অহা লোকসকলক নিৰাপদে ৰখাৰ ক্ষেত্ৰত প্ৰশাসনে দায়িত্ব লৈছে। আনহাতে, কাছাৰত যাতে জিৰিবামৰ ঘটনাৰ পুনৰাবৃত্তি নঘটে তাৰবাবে কৰ্তৃপক্ষই সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে মণিপুৰী, কুকি আৰু হামাৰ জনগোষ্ঠীৰ লোকসকলে কাছাৰত আশ্ৰয় লৈছে ।
কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাতোৱে repoter ক জনোৱা মতে, সীমান্ত অঞ্চলত আৰক্ষী আৰু কমাণ্ডো বাহিনী মোতায়েন কৰা হৈছে। এতিয়ালৈকে কাছাৰৰ পৰিস্থিতি শান্তিপূৰ্ণ। ইয়াৰ লগতে মণিপুৰৰ সমীপৱৰ্তী জিৰিঘাট আৰু ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি আন সকলো ঠাইতে পেট্ৰোলিঙৰ ব্যৱস্থা কৰাৰ বাবে আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তেওঁ কয়। তেওঁ কয় যে অসম সীমান্তৰ পৰিস্থিতি এতিয়ালৈকে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আছে যদিও আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈছে।