কৰ্ণাটক প্ৰদেশ বিজেপিয়ে ৰাহুলৰ বিৰুদ্ধে দাখিল কৰা মানহানিৰ গোচৰত ৰাহুল গান্ধী (Rahul Gandhi)য়ে শুকুৰবাৰে চিটি চিভিল কোৰ্টত শুনানিত অংশগ্ৰহণ কৰে। জানিব পৰা মতে, মানহানিৰ গোচৰত (Defamation suit) কংগ্ৰেছ নেতাজনে জামিন লাভ (Getting bail) কৰিছে। কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ সময়তে এই ঘটনাৰ সূত্ৰপাত হৈছিল। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ শিবিৰৰ বিজ্ঞাপনকলৈও চৰ্চা আৰম্ভ হৈছিল। বিজ্ঞাপনত বাসৱৰাজ বম্বেক ৪০ শতাংশ কমিচনৰ চৰকাৰ বুলি উপহাস কৰা হৈছিল।
২০১৯-২৩ বৰ্ষৰ সময়ছোৱাতো চৰকাৰৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে ক্ষুব্ধ বিজেপিয়ে মানহানিৰ গোচৰ ৰুজু কৰে। এই বিজ্ঞাপনসমূহ প্ৰকাশৰ আঁৰত শিৱকুমাৰ আৰু সিদ্দাৰমাইয়া থকা বুলি অভিযোগ উত্থাপন কৰে বিজেপিয়ে। একে সময়তে ৰাহুল গান্ধীয়ে এই বিজ্ঞাপনটো তেওঁৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে বিজেপিয়ে। ১ জুনত শিৱকুমাৰ আৰু সিদ্দাৰমাইয়াই এই গোচৰত জামিন লাভ কৰে।