ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Amritpal Singh wins election I এদিনো প্ৰচাৰ নচলোৱাকৈ নিৰ্বাচনত কেনেদৰে জয়লাভ কৰিলে অমৃতপালে ?

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 7, 2024
Reading Time: 1 min read
A A
0
Amritpal Singh I খালিস্তানী নেতা অমৃতপালৰ বিৰুদ্ধে লুকাউট জাননী, জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা পঞ্জাব আৰক্ষীৰ

RELATED POSTS

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

New Logo Smal | ASSAM TIMES POST

খালিস্তানপন্থী নেতা অমৃতপাল সিঙে (Amritpal Singh) জে’লত বহিয়েই লোকসভা নিৰ্বাচনত জয়লাভ কৰিলে। প্ৰচাৰৰ বাবে তেওঁ আনকি এটা দিনো বাহিৰলৈ ওলোৱা নাই। তেওঁ পঞ্জাবৰ খাদুৰ চাহাব সমষ্টিৰ পৰা লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰে। কিন্তু ভোটত জয়ী হ’লেও তেওঁ শপত গ্ৰহণ কৰিব পাৰিবনে? জে’লত বহি সংসদক প্ৰতিনিধিত্ব কৰাটো সম্ভৱনে? এনে বহু প্ৰশ্ন এতিয়া উত্থাপন হৈছে।

Amritpal Singh wins election
এদিনো প্ৰচাৰ নচলোৱাকৈ নিৰ্বাচনত কেনেদৰে জয়লাভ কৰিলে অমৃতপালে ?:

উল্লেখ্য, ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ (এন এছ এ) অধীনত অমৃতপাল বৰ্তমান ডিব্ৰুগড় কোন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে । যাৰ বাবে তেওঁ এদিনো নিৰ্বাচনী প্ৰচাৰলৈ যাব নোৱাৰিলে। কিন্তু তাৰ মাজতো মঙলবাৰে ঘোষিত ফলাফলত তেওঁ জয়লাভ কৰে।

নিৰ্বাচন আয়োগৰ পৰিসংখ্যা অনুসৰি, অমৃতপালে লাভ কৰিছে ৪,০৪,৪৩০ টা ভোট। উক্ত আসনখনত দ্বিতীয় স্থান লাভ কৰে কংগ্ৰেছৰ কুলবিৰ সিঙে। তেওঁ লাভ কৰে ২,০৭,৩১০টা ভোট। তৃতীয় স্থানত আছে আপৰ লালজিৎ সিং ভুল্লাৰ। তেওঁ ১,৯৪,৮৩৬টা ভোট লাভ কৰে। আয়োগৰ তথ্য অনুসৰি, অমৃতপালে ১,৯৭,১২০টা ভোটত জয়লাভ কৰে।
কোন এই অমৃতপাল ?

অমৃতপাল হৈছে ‘ৱাৰীশ পঞ্জাব দি’ সংগঠনৰ নেতা। ১৮ মাৰ্চত তেওঁ আৰু সহযোগীসকলে অমৃতসৰৰ সমীপৰ অঞ্জলা থানাৰ লকআপত আক্ৰমণ চলায়। তাৰ পিছৰে পৰা কেইবাদিনো পলাতক অৱস্থাত আছিল। তাৰ পিছৰে পৰা পলাতক হৈ থকা অমৃতপালক ২০২৩ চনৰ ২৩ এপ্ৰিলত পঞ্জাবৰ মোগাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ (এন এছ এ) অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

গ্ৰেপ্তাৰৰ পিছত তেওঁক অসমলৈ অনা হয় আৰু বৰ্তমান অমৃতপাল ডিব্ৰুগড় কাৰাগাৰত আছে।জে’লত থকাৰ সময়তে পঞ্জাবৰ এইগৰাকী খালিস্তান সমৰ্থক নেতাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আবেদন জনাই আদালতৰ দ্বাৰস্থ হয়। খাদুৰ চাহিবত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন দাখিল কৰে।

তেওঁৰ পিতৃ তৰ্চেম সিঙে মূলত তেওঁৰ বাবে প্ৰচাৰ চলাইছিল। অমৃতপালৰ পিতৃৰ দাবী যে পঞ্জাবৰ খাদুৰ চাহিবৰ ৰাইজে তেওঁৰ পুত্ৰৰ সমৰ্থনত আগবাঢ়ি আহিছে। আনকি পঞ্জাবৰ সমগ্ৰ জনসাধাৰণেও তেওঁৰ পুত্ৰৰ কাষত থিয় দিছে।

অমৃতপালৰ পিতৃ তৰ্চেমে প্ৰচাৰ অভিযানত মূলত তিনিটা কথাত গুৰুত্ব আৰোপ কৰিছিল। সেইকেইটা হ’ল – অমৃতপালৰ সমৰ্থকৰ পঞ্জাবক ড্ৰাগছমুক্ত কৰা, প্ৰাক্তন খালিস্তান সমৰ্থক সন্ত্ৰাসবাদীক জে’লৰ পৰা মুকলি কৰি দিয়া আৰু দেশৰ শিখ সম্প্ৰদায়ত সুৰক্ষিত কৰা। অমৃতপালে সেই তিনিটা মন্ত্ৰৰেই জয়লাভ কৰে।
কিন্তু প্ৰশ্ন হয়, সংসদত তেওঁ শপত গ্ৰহণ কৰিব পাৰিবনে? শপত লোৱাটো তেওঁৰ সাংবিধানিক অধিকাৰ যদিও যিহেতু তেওঁ কাৰাবন্দী, তাতো বাধা আছে।

অমৃতপালে প্ৰথমে কাৰাগাৰ কৰ্তৃপক্ষলৈ পত্ৰ লিখি শপত গ্ৰহণৰ অনুমতি বিচাৰিব লাগিব। তেওঁ সংসদলৈ গৈ কৰ্তৃপক্ষৰ তত্ত্বাৱধানত শপত গ্ৰহণ কৰিব পাৰে। কিন্তু তাৰ পাছত খালিস্তান সমর্থক নেতাজন পুনৰ জে’ললৈ যাব লাগিব৷

শপত গ্ৰহণ কৰাৰ পিছত অমৃতপালে সংসদত উপস্থিত থাকিব নোৱাৰিব বুলি লিখিতভাৱে লোকসভাৰ অধ্যক্ষক অৱগত কৰিব লাগিব। অনুপস্থিত হিচাপে তেওঁ সংসদৰ সদস্য হৈ থাকিব পাৰিবনে নাই, সেই সিদ্ধান্ত ভোটদানৰ দ্বাৰা ল’ব পাৰিব। কিন্তু অমৃতপাল জয়ী হ’লেও দোষী সাব্যস্ত হৈ দুবছৰ বা তাতোকৈ অধিক কাৰাগাৰত কটাবলগীয়া হ’লে তেওঁ সাংসদ পদ হেৰুৱাবলগীয়াও হ’ব পাৰে।

উল্লেখ্য, পঞ্জাবত কেৱল অমৃতপালেই নহয়, প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাৰী বয়ন্ত সিঙৰ পুত্ৰ সৰ্বজিৎ সিং খালছাও জয়ী হয়। ফৰিদকোট লোকসভা আসনৰ পৰা নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁ। ২০১৫ চনত বৰগৰীত সংঘটিত ‘গুৰু গ্ৰন্থ চাহিব’ অৱমাননাৰ ঘটনাক তেওঁ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি প্ৰচাৰ চলাইছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: এদিনো প্ৰচাৰ নচলোৱাকৈ নিৰ্বাচনতকেনেদৰে জয়লাভ কৰিলে অমৃতপালে ?
Share4Tweet3Send

Related Posts

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা
National-International

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

by News Desk
September 7, 2026
51
CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ
National-International

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

by News Desk
September 7, 2026
53
Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ
National-International

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

by News Desk
September 7, 2026
51
ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই
National-International

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

by News Desk
September 7, 2026
52
Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ
National-International

Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ

by News Desk
September 5, 2026
51
Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ
National-International

Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ

by News Desk
September 5, 2026
52
ADVERTISEMENT
Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

September 7, 2026
51
Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা
National-International

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

September 7, 2026
51
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

September 7, 2026
55
CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ
National-International

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

September 7, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

September 7, 2026
Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

September 7, 2026
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

September 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d