ASSAM TIMES POST
নিউজ ডেস্ক
দিল্লীৰ নিৰ্ভয়া গণধৰ্ষণ আৰু হত্যা গোচৰত ছুপ্ৰিম কোৰ্টত দাখিল হ’ল ৰায় সংশোধনৰ আৰ্জি (কিউৰেটিভ পিটিচন)। ফাঁচিৰ শাস্তিপ্রাপ্ত চাৰিজনৰ ভিতৰত এই আবেদন কৰিছে বিনয় শর্মাই। পাতিয়ালা হাউছ কোর্টে জাৰি কৰা মৃত্যু পৰোৱানা খাৰিজ কৰাৰ আবেদনো কৰে বিনয়ে।
উল্লেখ্য যে দিল্লীৰ পাতিয়ালা হাউছ কোৰ্টে দুদিন পূৰ্বেই দোষীকেইটাৰ মৃত্যু পৰোৱানা জাৰি কৰিছিল। ২২ জানুৱাৰীত সিহঁতৰ ফাঁচি হোৱাৰ কথা। এই কিউৰেটিভ পিটিচনৰ ফলত পুনৰ এক দফা আইনী যুঁজ আৰম্ভ হ’ল।
ছুপ্রিম কোর্টৰ ৰায় কোনো পক্ষৰ পচন্দ নহ’লে তেওঁ প্রথমে ৰায় পুনর্বিবেচনাৰ আর্জি জনাব পাৰে। এই গোচৰত ইতিমধ্যেই সেই আর্জি খাৰিজ হৈছে। যাৰ পৰৱৰ্তী বিকল্প হিচাবে ৰায় সংশোধনৰ আবেদন জনাই গোচৰ ৰুজু কৰিব পাৰে কোনোৱে। আৰু ফাঁচিৰ শাস্তিপ্রাপ্ত আচামীয়ে ইয়াৰ পিছতো শেষ বা অন্তিম বিকল্প হিচাবে ৰাষ্ট্রপতিৰ ওচৰত প্রাণভিক্ষাৰ আর্জি জনাব পাৰে। সেই আর্জি খাৰিজ হ’লে তাৰ পিছত আৰু ফাঁচি ৰদৰ কোনো সম্ভাৱনা নাথাকে।













