ASSAM TIMES POST
ডিফুঃ আজি কাৰবি আংলং জিলাৰ ডিফুৰ ধনশিৰিত অল ডিমাছা ষ্টুডেণ্টচ ইউনিয়ন চমুকৈ এ ডি এছ ইউৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিবসটি ধনশিৰি আদৰ্শ কমিউনিটি হলত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়৷
এই উপলক্ষে আজি পুৱা সন্থাৰ পতাকা উত্তোলন কৰে এডিএছইউৰ কেন্দ্ৰীয় সভাপতি নবীন জহৰীয়ে ৷ ইয়াৰ পিছত ডিমাছা ৰাইটাৰ্ছ ফ’ৰামৰ সভাপতি মুগ্ধেশ্বৰ কেম্প্ৰাই কাৰবি আংলং জিলা সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকক অনুসৰণ কৰি সদস্য সকলে শ্বহীদ তৰ্পণ কৰে৷ প্ৰতিষ্ঠা দিৱসটিত হাইলাকান্দি, ডিমা হাছাও, কাছাৰ, নগাওঁ আৰু হোজাইৰ পৰা প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে ৷ইয়াৰ পিছত বিষয় সভা আৰু মুকলি অধিবেশন অনুষ্ঠিত হয়৷ সন্ধিয়া ৫ বজাত সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ মুকলি সভাত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে অল ডিমাছা ছাত্ৰ সন্থাৰ পৰৱৰ্তী অধিবেশন অহা মাৰ্চ মাহত হাফলঙত অনুষ্ঠিত কৰাৰ প্ৰস্তাব গ্ৰহণ কৰে৷
সভাত মুখ্য অতিথি হিছাপে উপস্থিত থাকে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা সুমিত্ৰা হেগজেৰ, আমন্ত্ৰিত অতিথি ক্ৰমে, কেএছএ সভাপতি বিজয় বে’, আছুৰ কাৰবি আংলং জিলা সমিতিৰ উপসভাপতি শ্যামন্ত গগৈ, সাধাৰণ সম্পাদক সৰ্জোণ হাঞ্চে, আৰু আগছুৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি সুৰজ ছেত্ৰী আৰু অন্যান্য গণ্য মান্য ব্যক্তি সকল ৷












