
ধুবুৰী লোকসভা সমষ্টি (Dhubri Lok Sabha constituency)ত জয়ৰ অভিলেখ সৃষ্টি কংগ্ৰেছৰ ৰকিবুল হুছেইন (Rakibul Hussain win of Congress)ৰ। লগে লগে ধুবুৰীত অন্ত পৰে আজমাল ৰাজৰ। ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে নিকটতম প্ৰতিদ্বন্দ্বী তথা এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলক প্ৰায় ৯ লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰে ৷ ৰকিবুল হুছেইনে লাভ কৰে মুঠ ১৩,০৭,১১৩ টা ভোট ৷

আনহাতে, প্ৰত্যাহ্বান নেওচি যোৰহাটত গৌৰৱ গগৈয়ে বিজয় (Gaurav Gogoi wins Jorhat)ৰ শোষ হাঁহি মাৰিবলৈ সক্ষম হয়। লগে লগে স্বপ্নভংগ হয় বিজেপিৰ ৰথী-মহাৰথী তথা বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ৷ যোৰহাট সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ১ লাখ ৪০ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰে৷ গৌৰৱ গগৈয়ে লাভ কৰে মুঠ ৭,৩৮,৬৭৮ টা ভোট৷ আনহাতে, তপন কুমাৰ গগৈয়ে লাভ কৰে ৫,৯৮,৭১০ টা ভোট৷













