পশ্চিমবংগ আৰু বাংলাদেশৰ উপকূলত ঘূৰ্ণি বতাহ ৰেমলৰ (Remal) আঘাতৰ বাবে বৰঝাৰ বিমানবন্দৰত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ পৰা কলকাতালৈ যোৱা বিমানসমূহ বাতিল কৰা হৈছে।
ইয়াৰে পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বান্দৰৰ পৰা কলিকতালৈ যাবলগীয়া ১৪ খন বিমান বাতিল কৰা হৈছে।
এই বিমানসমূহৰ ভিতৰত আছে ইণ্ডিগ’ৰ ৮খন, এলিয়েঞ্চ এয়াৰৰ ৪খন , এয়াৰ ইণ্ডিয়াৰ এখন আৰু স্পাইজেটৰ এখন। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই বিমানসমূহ বাতিল কৰা হৈছে বুলি বিমানবন্দৰ সূত্ৰত প্ৰকাশ।