২১ ঘণ্টা বন্ধ ৰখাৰ পিছত সোমবাৰে পুৱা কলকাতা বিমানবন্দৰত বিমান সেৱা পুনৰ আৰম্ভ হৈছে। ঘূৰ্ণীবতাহ ৰেমালৰ (Remal Cyclone) বাবে দেওবাৰে দুপৰীয়া ১২ বজাত কলকাতা বিমানবন্দৰত বিমান সেৱা স্থগিত ৰখা হৈছিল। সোমবাৰে পুৱা ৮.৫৯ বজাত কলকাতা বিমানবন্দৰৰ পৰা প্ৰথমখন বিমান উৰা মাৰিৰে। ইণ্ডিগ’ৰ এখন বিমান কলকাতাৰ পৰা পোৰ্ট ব্লেয়াৰলৈ ৰাওনা হৈছে। কলকাতাত অৱতৰণ কৰা প্ৰথমখন বিমান পুৱা ৯.৫০ বজাত গুৱাহাটীৰ পৰা যায়।
![Remal hits West Bengal I ২১ ঘণ্টা বন্ধ ৰখাৰ পিছত পুনৰ আৰম্ভ কলকাতা বিমানবন্দৰৰ সেৱা 3 Remal hits West Bengal I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/05/IMG_20240527_140556.jpg?resize=640%2C480&ssl=1)
কলকাতা বিমানবন্দৰৰ এগৰাকী বিষয়াই জনেৱা মতে, সেৱাসমূহ পুনৰ আৰম্ভ হ’লেও সম্পূৰ্ণ স্বাভাৱিক হ’বলৈ কিছু সময় লাগিব। কিয়নো যদিও ঘূৰ্ণীবতাহে শক্তি হেৰুৱাইছে, দুৰ্যোগ এতিয়াও শেষ হোৱা নাই। সোমবাৰে পুৱাৰ পৰা কলকাতাত বৰষুণ হৈ আছে। বতৰো ভাল নহয়।
কলকাতা বিমানবন্দৰ কৰ্তৃপক্ষই পূৰ্বতে কৈছিল যে প্ৰতিকাৰমূলক ব্যৱস্থা হিচাপে বিমান সেৱাসমূহ ২১ ঘণ্টাৰ বাবে স্থগিত ৰখা হ’ব। অন্তিমখন বিমান দেওবাৰে দুপৰীয়া ১২.১৬ বজাত উৰা মাৰিছিল। তেতিয়াৰে পৰা এই সেৱা সমগ্ৰ দিনটোৰ বাবে বন্ধ ৰখা হয় আৰু সোমবাৰে পুৱা পুনৰ আৰম্ভ কৰা হৈছে।
উল্লেখ্য যে দেওবাৰে মাজনিশা বাংলাদেশ আৰু পশ্চিমবংগৰ উপকূলত তীব্ৰ ঘূৰ্ণীবতাহ ৰেমলে আঘাত কৰিছিল। এই ধুমুহাই সাগৰদীপ আৰু খেপুপাৰাৰ মাজত বাংলাদেশৰ মংলাৰ ওচৰত আঘাত কৰে। এই প্ৰক্ৰিয়াটো প্ৰায় চাৰি ঘণ্টা ধৰি চলে। ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ ফলত উপকূলীয় অঞ্চলসমূহত ক্ষতি হৈছে। কলকাতাতো বহু অংশত গছ বাগৰি পৰাৰ লগতে বিদ্যুতৰ খুঁটা ক্ষতিগ্ৰস্ত হৈছে।