শনিবাৰে নিশা পূব দিল্লীৰ বিবেক বিহাৰ অঞ্চলৰ এখন শিশু চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ (Delhi fire) ঘটনাত স্থানীয় লোকৰ তৎপৰতাৰ বাবে কেইবাটাও শিশুৰ প্ৰাণ ৰক্ষা পৰে। উক্ত অগ্নিকাণ্ডত দ্ৰুতগতিত চিকিৎসালয়খনৰ বিভিন্ন ৱাৰ্ডলৈ জুই বিয়পি পৰে। এই ঘটনাটো বাহিৰৰ পৰা স্থানীয় ৰাইজৰ দৃষ্টিগোচৰ হয়। লগে লগে তেওঁলোকে সময় নষ্ট নকৰি নৱজাতকক বচাবলৈ চিকিৎসালয়ত প্ৰৱেশ কৰে।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, স্থানীয় বাসিন্দা আৰু স্থানীয় স্বেচ্ছাসেৱী সংস্থা ‘শ্বহিদ সেৱাদলে’ৰ সদস্যসকলে প্ৰথমে উদ্ধাৰ অভিযান আৰম্ভ কৰে। সহায়ৰ বাবে দৌৰি যায় তেওঁলোক। চিকিৎসালয়খনৰ পিছফালৰ দেৱালখনৰ ওপৰেৰে উঠি প্ৰৱেশ কৰে এদল বাসিন্দা। ইয়াৰ পিছত পাইপৰ ওপৰেৰে উঠি পোনে পোনে নৱজাতক ৱাৰ্ডলৈ যায়। কোনোমতে কিছু শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
পিটিআইক দিয়া এক সাক্ষাৎকাৰত স্থানীয় বাসিন্দা ৰবি গুপ্তাই কয়, “আমি প্ৰথমে চিকিৎসালয়ত জুই দেখাৰ পিছত প্ৰৱেশ কৰি যিমান পাৰি সিমান শিশুক অক্ষত অৱস্থাত উলিয়াই আনিলোঁ। একে সময়তে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লগত যোগাযোগ কৰিলোঁ।” আন এজন বাসিন্দা মুকেশ বংশালে কয় যে চিকিৎসালয়খনত অক্সিজেন ৰিফিলিং চলি আছিল। এই সকলোবোৰ অবৈধভাৱে হৈ আছিল।
তেওঁ লগতে কয়, “আমি এই সন্দৰ্ভত স্থানীয় পৌৰসভাৰ প্ৰতিনিধিৰ সৈতে যোগাযোগ কৰিলোঁ৷ কিন্তু তাৰ পৰা একো লাভ নহ’ল। আৰক্ষীয়ে সকলো জানে। কিন্তু কোনো ব্যৱস্থা নলয়।” উল্লেখযোগ্য যে সেই সময়ত ততাতৈয়াকৈ ১৬খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়। কেইবা মুহূৰ্তৰ চেষ্টাৰ অন্তত চিকিৎসালয়খনৰ জুই নিয়ন্ত্ৰণলৈ আহে।
অগ্নিনিৰ্বাপক বাহিনীৰ জ্যেষ্ঠ বিষয়া ৰাজেন্দ্ৰ আটৱালে কয় যে চিকিৎসালয়খনৰ দ্বিতীয় মহলাত ৰখা অক্সিজেন চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত কাষৰীয়া অট্টালিকাসমূহো ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰি এখন এম্বুলেন্স, দুখন স্কুটি আৰু এখন দোকানো অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হয়। এই ঘটনাক লৈ ৰাষ্ট্ৰপতিৰ পৰা প্ৰধানমন্ত্ৰীলৈকে সকলোৱে শোক প্ৰকাশ কৰিছে।
আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে এই ঘটনাৰ তদন্ত কৰা হ’ব। ইয়াৰ আঁৰৰ দোষীক বিচাৰি উলিয়াই আইন অনুসৰি শাস্তি প্ৰদান কৰা হ’ব। ইতিমধ্যে চিকিৎসালয়খনৰ মালিকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।