শনিবাৰে লোকসভা নিৰ্বাচন (Lok Sabha elections)ৰ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বেই হাৰিয়ানাত হৃদৰোগত আক্ৰান্ত (Heart attack in Haryana) হৈ মৃত্যু হয় নিৰ্দলীয় বিধায়ক ৰাকেশ দৌলতাবাদ (Independent MLA Rakesh Daulatabad)ৰ। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, শনিবাৰে পুৱা ৪৮ বছৰীয়া ৰাকেশ গুৰুগ্ৰাম (In Gurugram)ৰ নিজ গৃহত হৃদৰোগত আক্ৰান্ত হয়। স্থানীয় ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হোৱাৰ কিছু সময়ৰ পিছতে তেওঁৰ মৃত্যু হয়।
ভাৰতীয় ৰাষ্ট্ৰীয় লোকদলৰ একালৰ নেতা ৰাকেশে ২০১৯ চনৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনত গুৰুগ্ৰামৰ বাদশ্বাহপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে।
পিছত তেওঁ বিজেপি চৰকাৰক সমৰ্থন প্ৰকাশ কৰে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়ব সিং ছাইনী আৰু তেওঁৰ পূৰ্বৰ মনোহৰলাল খট্টৰে ৰাকেশৰ মৃত্যুত শোক প্ৰকাশ কৰে। উল্লেখযোগ্য যে হাৰিয়ানাৰ ১০টা লোকসভা সমষ্টিতে শনিবাৰে পুৱাৰে পৰা আৰম্ভ হয় ভোটগ্ৰহণ।
৬ মে’ত তিনিজন নিৰ্দলীয় বিধায়ক— ৰণধীৰ গোলান (পাণ্ডুৰী), ধৰ্মপাল গোণ্ডাৰ (নিলোখেৰী) আৰু সোমবীৰ সিং সাংৱানে (দাদ্ৰী) মুখ্যমন্ত্ৰী নয়ব সিং ছাইনীৰ নেতৃত্বত বিজেপি চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰি কংগ্ৰেছ শিবিৰত যোগদান কৰাৰ কথা ঘোষণা কৰে। প্ৰাৰম্ভিক জল্পনা-কল্পনা আছিল যে ৰাকেশেও দলত যোগদান কৰিব। কিন্তু শেষত তেওঁ কয় যে তেওঁ বিজেপি চৰকাৰক সমৰ্থন কৰি যাব। এইবাৰ হাৰিয়ানাত লোকসভা নিৰ্বাচনৰ মূল যুঁজখন বিজেপি, কংগ্ৰেছ-আম আদমী পাৰ্টিৰ মিত্ৰজোঁট আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী দুষ্মন্ত চৌটালাৰ জেজেপিৰ মাজত হৈছে।