ৰাজ্যত চলি থকা ভয়াৱহ গ্রীষ্মপ্রবাহৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। এই গ্ৰীষ্মপ্ৰবাহৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি যাতে কোনো ধৰণৰ ভাবুকি নাহে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী (School Timings) সলি কৰা হৈছে ।
শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি, অহা সোমবাৰৰ পৰা প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ পৰা দিনৰ ১২ বজালৈ, মাধ্যমিক পৰ্যায়ত পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ আৰু উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ অনুষ্ঠিত হ’ব ।
ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ উপৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহেও এই নিৰ্দেশনা মানি চলিব লাগিব। ইয়াৰ উপৰি পুৱা পুৱাৰ সমাৱেশ শ্ৰেণীকোঠাৰ ভিতৰত বা ছাঁ থকা ঠাইত অনুষ্ঠিত কৰিব লাগিব । শ্ৰেণীকোঠাত থকা বৈদ্যুতিক ফেনবোৰ চলাই ৰখাৰ লগতে বেয়া ফেনবোৰ মেৰামতি বা তাৎক্ষণিকভাৱে সলনি কৰাৰো নিৰ্দেশ দিয়া হৈছে।
আনহাতে, শিক্ষাৰ্থীসকলক ব্লেজাৰ, ৱেষ্ট কোট আৰু টাই পৰিধান নকৰিবলৈ আৰু শিক্ষাৰ্থীসকলে জোতা পিন্ধিবলৈ অস্বস্তি অনুভৱ কৰিলে তেওঁলোকক চেণ্ডেল পিন্ধিবলৈ অনুমতি দিব লাগিব। শিক্ষাৰ্থীসকলৰ কোনো সমস্যাৰ সৃষ্টি হ’লে ততালিকে অভিভাৱকক অৱগত কৰোৱাৰ লগতে নিকটৱৰ্তী চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।