কেন্দ্ৰীয় চৰকাৰে দেশত ৬ লাখ ৮০ হাজাৰ মোবাইল নম্বৰক ভুৱা (Fake mobile numbers) আৰু অকাৰ্যকৰী বুলি চিনাক্ত কৰিছে । জানিব পৰা মতে, এই মোবাইলৰ সংযোগ ভুৱা তথ্য প্ৰদান কৰি লোৱা হৈছে।
![Fake mobile number I প্ৰায় ৭ লাখ ভুৱা মোবাইল নম্বৰ চিনাক্ত কেন্দ্ৰৰ 3 Fake mobile number I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/05/IMG_20240525_105538.jpg?resize=1200%2C800&ssl=1)
ইতিমধ্যে কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ে টেলিকম বিভাগক এই মোবাইল নম্বৰৰ সবিশেষ পুনৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে, উক্ত নম্বৰসমূহৰ তথ্য পুনৰ পৰীক্ষা কৰিবলৈ সেৱা প্ৰদানকাৰীসকলক ৬০ দিনৰ সময় দিয়া হৈছে।
জনোৱা মতে, যিবোৰ নম্বৰৰ তথ্য পৰীক্ষা কৰিব নোৱাৰিব সেইবোৰৰ সংযোগ বিচ্ছিন্ন কৰা হ’ব।