শনিবাৰে দেশৰ ছয়খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয়শাসিত অঞ্চলত চলিত লোকসভা নিৰ্বাচনৰ (Loksabha Election) ষষ্ঠ পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ এইটো পৰ্যায়ত মুঠ ৫৮টা সমষ্টিত ভোটগ্ৰহণ চলি আছে। ইয়াৰে ভিতৰত পশ্চিমবংগৰ ৮টা, উত্তৰ প্ৰদেশৰ ১৪টা, হাৰিয়ানাৰ ১০টা, বিহাৰৰ ৮টা, ওড়িশাৰ ৬টা আৰু ঝাৰখণ্ডৰ ৪টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে।
![Lok sabha election 2024 | লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়, আজি ৫৮টা সমষ্টিত ভোটগ্ৰহণ 3 Lok sabha election 2024 |](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2023/01/voters-1540823153.jpg?resize=600%2C450&ssl=1)
আনহাতে, কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভিতৰত দিল্লীৰ সাতটা লোকসভা সমষ্টিৰ ভিতৰত ৭টা আৰু জম্মু-কাশ্মীৰৰ ৫টা লোকসভা সমষ্টিৰ ভিতৰত এটা সমষ্টিৰ নিৰ্বাচন এই পৰ্যায়ত অনুষ্ঠিত হৈছে।
উল্লেখ্য যে অনন্তনাগ-ৰাজৌৰীত ৭ মে’ত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও পৰৱৰ্তী সময়ত নিৰ্বাচন আয়োগে ষষ্ঠ পৰ্যায়লৈ আগুৱাই আনে। আনহাতে, ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা গুৰুত্বপূৰ্ণ প্ৰাৰ্থীসকলৰ ভিতৰত আছে কংগ্ৰেছ (উত্তৰ-পূব দিল্লী)ৰ কানহাইয়া কুমাৰৰ বিপৰীতে বিজেপিৰ মনোজ তিৱাৰী।
নতুন দিল্লী সমষ্টিত আপৰ মন্ত্ৰী সোমনাথ ভাৰতীৰ বিৰুদ্ধে যুঁজ দিছে প্ৰয়াত সুষমা স্বৰাজৰ কন্যা বংশুৰিয়ে। হাৰিয়ানাত বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰ (কৰ্ণাল), উদ্যোগপতি নবীন জিন্দল (কুৰুক্ষেত্ৰ) আৰু কংগ্ৰেছৰ ৰাজ বাব্বৰ (গুৰুগ্ৰাম)ৰ মাজত যুঁজ হ’ব । ইফালে পুত্ৰ বৰুণ গান্ধীক টিকট নিদিলেও উত্তৰ প্ৰদেশৰ চুলতানপুৰত মাতৃ মেনকাক বিজেপিয়ে মনোনীত কৰিছে।
সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশে আজমগড়ত নিজৰ খুলশালীয়েক ধৰ্মেন্দ্ৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। বিহাৰৰ পূব চম্পাৰণত নৰেন্দ্ৰ মোডীৰ কেবিনেট সদস্য ৰাধামোহন সিং আৰু ওড়িশাৰ সম্বলপুৰত ধৰ্মেন্দ্ৰ প্ৰধান প্ৰাৰ্থী। ওড়িশাৰ পুৰীত বিজেপিৰ সৰ্বভাৰতীয় মুখপাত্ৰ সম্বিত পাত্ৰই প্ৰতিন্দ্বিতা কৰিছে। আনহাতে, অনন্তনাগ-ৰাজৌৰীত পিডিপিৰ সভাপতি তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি আছে নিৰ্বাচনী যুঁজত।