গুৱাহাটীস্থিত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক ৭২ ঘণ্টাত ৰাজ্যখনৰ উষ্ণতা আৰু আৰ্দ্ৰতা অধিক হ’ব বুলি ভৱিষ্যদ্বাণী (Temperature and humidity rise forecast in the state in 72 hours) কৰিছে। আন এক পূৰ্বাভাষ মতে, ৰাজ্যখনত সৰ্বোচ্চ উষ্ণতা স্বাভাৱিকতকৈ প্ৰায় ৫ৰ পৰা ৭ ডিগ্ৰী চেলছিয়াছ (Chances of About 5 to 7 degrees Celsius above normal) হোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে বিগত কেইদিনমানৰ পৰা ৰাজ্যত গৰমৰ উত্তাপে মানুহৰ স্বাভাৱিক জীৱন ক্ষতিগ্ৰস্ত কৰিছে। বুধবাৰে ৰাজ্যখনৰ সৰ্বোচ্চ উষ্ণতা স্বাভাৱিকতকৈ ৫ ডিগ্ৰী বা তাতকৈ অধিক হোৱাৰ বিপৰীতে সৰ্বনিম্ন তাপমাত্ৰা স্বাভাৱিকতকৈ ১.৬ৰ পৰা ৩.১ ডিগ্ৰী চেলছিয়াছ বেছি আছিল। আনহাতে, বৃহস্পতিবাৰে মাজবাটত সৰ্বোচ্চ উষ্ণতা ৩৯.৮ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হয় ।
ইফালে বৃহস্পতিবাৰে গুৱাহাটীত সৰ্বোচ্চ উষ্ণতা ৩৮.২ ডিগ্ৰী (Max temperature in Guwahati 38.2 degrees) চেলছিয়াছৰ বিপৰীতে শুকুৰবাৰে বছৰটোৰ সৰ্বোচ্চ ৪০ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হয়। আনহাতে, দিনটোৰ সৰ্বোচ্চ উষ্ণতা লামডিঙত ৪১.৪ ডিগ্ৰী চেলছিয়াছ, তাৰ পিছতে তেজপুৰত ৩৯.৫ ডিগ্ৰী চেলছিয়াছ। ইফালে আজি শিলচৰত সৰ্বোচ্চ তাপমাত্ৰা ৩৯.২ ডিগ্ৰী চেলছিয়াছ।
অৱশ্যে ২৬ মে’ৰ পৰা ৰাজ্যবাসীয়ে গৰমৰ পৰা কিছু ৰেহাই পোৱাৰ সম্ভাৱনা আছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ একাংশ অঞ্চলত ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে বতাহৰ লগতে প্ৰচণ্ড বৰষুণৰো ভৱিষ্যদ্বাণী কৰিছে। আনহাতে, ২৭ মে’ত ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ বেগেৰে বতাহৰ সৈতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ ভৱিষ্যদ্বাণী (Heavy rains predicted on May 27) কৰা হৈছে।
ইফালে ২৭ মে’ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ‘কমলা’ সতৰ্কবাণী জাৰি কৰিছে আইএমডিয়ে। অঞ্চলটোত ধুমুহা আৰু বিজুলীৰ সৈতে প্ৰবলৰ পৰা প্ৰবলতৰ বৰষুণৰো ভৱিষ্যদ্বাণী কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰি মানুহক সাজু হৈ থাকিবলৈও কোৱা হৈছে।