গ্ৰীষ্মপ্ৰবাহত দগ্ধ হৈছে সমগ্ৰ ৰাজ্য (entire state is burnt in the heat wave)। ৰাজ্যৰ সৰ্বত্ৰে বৃদ্ধি পাইছে তাপমাত্ৰা। ফলত অসহনীয় গৰমৰ পৰিৱেশৰ সৃষ্টি হৈছে। স্তব্ধ হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা। আনহাতে, শুকুৰবাৰে গুৱাহাটীত তাপমাত্ৰাই ৰেকৰ্ড সৃষ্টি (Temperature sets record in Guwahati) কৰে। আজিৰ দিনটোত গুৱাহাটীত বছৰটোৰ সৰ্বোচ্চ তাপমাত্ৰা ৰেকৰ্ড কৰা হয়।
যাৰ ফলত গুৱাহাটীৰ জনসাধাৰণে ত্ৰাহি মধুসূদন সুঁৱৰিবলগা হৈছে। আজিৰ দিনটো ৰাজ্যিক বন্ধ হোৱাৰ বাবে বিশেষ কাম নাথাকিলে কোনো লোক বাহিৰলৈ ওলোৱা নাই। কিন্তু ব্যৱসায়-বাণিজ্য বা অন্য এৰাব নোৱাৰা কামত বাহিৰলৈ ওলাবলগীয়াসকলৰ অৱস্থা বৰ্ণনা কৰিব নোৱাৰি। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, শুকুৰবাৰে গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰাই ৪০ ডিগ্ৰী চেলচিয়াছ (maximum temperature is 40 degrees Celsius)ত উপনীত হৈছে৷ যিটো হৈছে চলিত গ্ৰীষ্মকালৰ আটাইতকৈ গৰমৰ দিন। কিন্তু মে’ মাহতে ৰাজ্যত এই পৰিস্থিতিৰ সৃষ্টি হোৱাত জুন-জুলাই মাহত যে পৰিস্থিতি আৰ ভয়াৱহ হ’ব তাৰ ইংগিত পোৱা গৈছে।
বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে, শুকুৰবাৰে গুৱাহাটীৰ উপৰি অন্য কেইবাটাও স্থানত তাপমাত্ৰাই ৩৯ ডিগ্ৰী পৰ্যন্ত স্পৰ্শ কৰিছে। আনহাতে, আগন্তুক ৪৮ ঘণ্টাতো ৰাজ্যৰ বিভিন্ন স্থানত সৰ্ব্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ ৫.৭ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷
অৱশ্যে বতৰৰ আগলি বতৰা অনুসৰি, ২৭ মে’ত অসমত প্ৰৱলৰ পৰা প্ৰৱলতৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ এই দিনটোত অসমত ঘণ্টাত 64.5-204.4 মিলিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷