বৃহস্পতিবাৰে বোকাখাত (Bokakhat)ত তিনিদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে আৰম্ভ হ’ল জ্ঞান বিজ্ঞান সমিতি অসমৰ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ (State Children’s Science Festival 2024)। বোকাখাত জাতীয় বিদ্যালয় বাকৰিত অনুষ্ঠিত এই সমাৰোহত অসমৰ বিভিন্ন জিলাৰ শিশু প্ৰতিনিধি সকলৰ ২২ মে’ৰ গধুলিৰ পৰা সোঁত ববলৈ আৰম্ভ কৰে। ২৩ মে পুৱাৰ পৰা শিশু প্ৰতিনিধিসকলৰ পঞ্জীয়ন আৰম্ভ হয়। ইয়াৰ পাছতে কেন্দ্রীয় সমিতিৰ পতাকা উত্তোলন কৰে জ্ঞান বিজ্ঞান সমিতি অসমৰ সভাপতি তপন কুমাৰ শৰ্মাই। অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি শৰৎ চন্দ্র দত্তই।
প্ৰয়াত বিজ্ঞানী ড° পদ্মেশ্বৰ গগৈ আৰু বিৰুবালা ৰাভাৰ সোৱঁৰণত উৎসৰ্গিত সমাৰোহখনিত দুয়োগৰাকী ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গোলাঘাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি পল্লৱ বৰবৰাই। অসমৰ বিভিন্ন জিলাৰ প্ৰায় ৪০০ শিশুয়ে অংশগ্রহণ কৰা সমাৰোহখনত অংক, বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, পৰিবেশ অধ্যয়ন, অৰিগেমী, আৰু গীত-মাত আদি ছয়টা শিকন কোণ উদ্বোধন কৰে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড° ভৱেশ চন্দ্র গোস্বামীয়ে।
বোকাখাত জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ইনজু আহমেদে আঁত ধৰা উদ্বোধনী অনুষ্ঠানটোত উদ্বোধকৰ পৰিচয় প্ৰদান কৰে অধ্যাপক বিদ্যুৎ বিকাশ শইকীয়াই। ড° বিদ্যুৎ বৰুৱা আৰু ড° হৰি প্ৰসাদ নাথে উদ্বোধক ড° গোস্বামী ডাঙৰীয়াক স্মাৰক আৰু গামোচাৰে আদৰণি জনায়। বোকাখাত জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নিজৰা বৰঠাকুৰে আদৰণি ভাষন প্ৰদান কৰে। দুপৰীয়া শিকন কোণ সমূহ আৰম্ভ কৰা হয়। বিয়লি শিকন কোণ অন্ত পৰাৰ পিছত বোকাখাতৰ বাহিৰৰ শিশু সকলক কাজিৰঙা দৰ্শনৰ বাবে লৈ যোৱা হয়।
উল্লেখ্য যোগ্য যে আবাসিক শিবিৰটোত বাহিৰৰ শিশুসকলক বোকাখাতৰ শিশুসকলৰ ঘৰত আলহী হিচাবে থকাৰ অভিজ্ঞতা প্ৰদান কৰাৰ সুব্যবস্থা কৰা হৈছে। এই ক্ষেত্রত বোকাখাতৰ শিশুয়ে ভাগত আলহী নেপাই কন্দা কটা কৰাৰো পৰিলক্ষিত হয়। প্ৰথম দিনটো সফলতাৰে পাৰ হোৱাৰ পিছত আজিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীও ,ফলতাৰৈ সম্পন্ন হয়। অভ্যৰ্থনা সমিতিয়ে আগন্তুক দিনটোত সকলোৰে পূৰ্ণ সহযোগিতা কামনা কৰিছে।