ইনষ্টাগ্ৰামত ৰিল (Instagram reel) বনাই ভাইৰেল হ’ব বিচাৰিছিল। সেয়াই কাল হʼল এজন যুৱকৰ। ১০০ ফুট ওপৰৰ পৰা পানীত জঁপিয়াই পৰাৰ পিছত পানীত ডুব যায় যুৱকজন। কিন্তু পানীৰ পৰা আৰু তেওঁ ওলাই আহিব নোৱাৰিলে।
![Reels going to Death I ৰিল বনাই ভাইৰেল হ'বলৈ ১০০ ফুট উচ্চতাৰ জাঁপ, পানীত ডুবি যুৱকৰ মৃত্যু 3 Reels going to Death I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2023/08/pratidintime_2022-02_3ee1af59-e018-438a-8981-1eb54afc5945_GIRL_DEAD.webp?resize=1200%2C900&ssl=1)
ঝাৰখণ্ডৰ চাহিবগঞ্জ জিলাত সংঘটিত হয় এই ঘটনা। মৃত যুৱকজনৰ নাম তৌছিফ (১৮)। আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে নিশা যুৱকজনে ওচৰৰ গভীৰ পানীত গৈ ইনষ্টাগ্ৰাম ৰিল বনাইছিল। তেওঁৰ লগত আন কেইজনমান বন্ধুও আছিল। পৰিকল্পনা আছিল, যুৱকজনে পানীত জঁপিয়াই থকাৰ সময়ত বাকীবোৰে ৰিলটো বনাব। সেই অনুসৰি ভিডিঅ’টোৰ সময়ত যুৱকজনে জলভাগৰ পৰা ১০০ ফুট ওপৰলৈ উঠি যায়। তাৰ পৰা তেওঁ জঁপিয়ায়।
সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। তাত দেখা গৈছে যে যুৱকজনে পানীত জঁপিয়াই কিছু সময় সাঁতুৰিবলৈ চেষ্টা কৰিছিল। কিন্তু নোৱাৰিলে। লাহে লাহে তেওঁ ডুবিবলৈ ধৰিলে। বন্ধুসকলে তেওঁক বচাবলৈ চেষ্টা কৰে যদিও বিশেষ লাভ নহ’ল। তাৰ পিছত বন্ধুসকলে স্থানীয় প্ৰশাসনক খবৰ দিয়ে।
আৰক্ষীয়ে নিশা জলাশয়টোত তালাচী অভিযান আৰম্ভ কৰে। তাৰ পৰা উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। উপ-আৰক্ষী অধীক্ষক বিজয়কুমাৰ কুচৱাহাই কয় যে ইমান উচ্চতাৰ পৰা পানীত জঁপিয়াই পৰাৰ পিছত যুৱকজনে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। সেইবাবেই তললৈ যায়। তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।