কাছাৰ আৰক্ষীৰ (Cachar Police) অভিযানত জব্দ বৃহৎ পৰিমাণৰ সন্দেহযুক্ত টেবলেট। আৰক্ষীয়ে শেহতীয়াকৈ শিলচৰ চহৰতলীত অভিযান চলাই ২০ হাজাৰ সন্দেহযুক্ত ইয়াবা টেবলেট জব্দ কৰে।
আৰক্ষীয়ে ঘুংগুৰ ৰাষ্ট্ৰীয় ঘাইপথত নিষিদ্ধ সামগ্ৰী পৰিবহণ সম্পৰ্কীয় এক নিৰ্দিষ্ট তথ্যৰ আধাৰত তিনিজন ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে নিজাম উদ্দিন (৫৬ ),ঘৰ জিৰিঘাট লালপানী, ডিমদুয়ানলুং ৰংমেই (৫০ ), ঘৰ জিৰিঘাট আৰু কমল উদ্দিনক (৫০),ঘৰ শিলডুবি আটক কৰে।
উল্লেখ্য যে, ঘুংগুৰ জিৰ’ পইণ্টত উক্ত তিনিওগৰাকী সৰবৰাহকাৰীৰ হাতৰ পৰা দুটা পেকেটত আৱদ্ধ কৰি ৰখা ৬ কোটি টকা মূল্যৰ ইয়াবা টেবলেট আৰক্ষীয়ে জব্দ কৰে । আৰক্ষীয়ে ধৃত কেইজনৰ বিৰুদ্ধে আইনী ব্যবস্থা গ্ৰহণ কৰিছে।