কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) কৰ্তৃপক্ষ আৰু আৰক্ষী বিভাগে মঙ্গলবাৰে নিশা চলোৱা যৌথ অভিযানত বোকাখাত আৰু যোৰহাট (Bokakhat and Jorhat)ৰ বিভিন্ন স্থানৰ পৰা ৩ জনকৈ গঁড়ৰ চোৰাংচিকাৰী আটক (Three Poachers arrested) কৰিছে ৷ জানিব পৰা মতে যোৱা নিশা বোকাখাতৰ চহলা চাপৰিৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাত জড়িত থকাৰ অভিযোগত হৰিলাল চৌধুৰী নামৰ চোৰাংচিকাৰীটোক আটক কৰাৰ উপৰিও যোৰহাটৰ কাৰেং চাপৰিৰ অচিন্ত্য মৰাং ওৰফে এপে মৰাং আৰু বোকাখাতৰ আমটেঙা গাঁৱৰ গুনকান্ত দলে ওৰফে গাদিক আটক কৰিছে৷ গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ আধাৰত চলোৱা অভিযানত বনকৰ্মী আৰু বোকাখাত আৰক্ষীয়ে চহলা চাপৰিৰ পৰা হৰিলাল চৌধুৰীক আটক কৰাৰ পিচত হৰিলালৰ স্বীকাৰোক্তিৰ আধাৰতে চোৰাংচিকাৰীজনৰ চহলা চাপৰিত থকা বাসগৃহৰ পিচফালৰ বাহঁনিৰ পৰা বনকৰ্মীৰ দলে ৬ জাঁই সজীৱ ৩৹৩ ৰাইফলৰ গুলী উদ্ধাৰ কৰে৷
জানিব পৰা মতে চোৰাংচিকাৰীৰ বিৰুদ্ধে বন বিভাগ আৰু আৰক্ষীৰ যুটীয়া অভিযান অব্যহত আছে আৰু বিভিন্ন স্থানত চোৰাংচিকাৰীৰ সন্ধানত তালাচী চলাই আছে ৷ যোৱা নিশা বোকাখাতৰ পলাশগুৰিতো অভিযান চলায় অভিযানকাৰী দলে ৷ উল্লেখ্য যে হৰিলাল চৌধুৰী নামৰ চোৰাংচিকাৰীজনক ২০১৫ চনৰ ৩ জুনৰ দিনা বোকাখাত আৰক্ষীয়ে গঁড় হত্যাৰ অপৰাধত কৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল আৰু এটা বন্দুকো উদ্ধাৰ কৰিছিল৷ এই ঘটনাত হৰিলালৰ চৌধুৰীৰ নেতৃত্বত ৬ জনীয়া এটা দল গঁড় হত্যাত জড়িত আছিল৷