ASSAM TIMES POST
নিউজ ডেক্সঃ ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথমখন টি ২০ সমাপ্তি ঘটিছিল বৰ্ষা বিঘ্নিত কাৰণত৷ টছ হৈছিল যদিও খেলপথাৰত নামিব পৰা নাছিল খেলুৱৈ৷ মঙলবাৰে অনুষ্ঠিত হ’ব দ্বিতীয়খন টি ২০৷ গুৱাহাটীৰ বৰ্ষাপাৰাৰ খেলখনত প্ৰচুৰ ৰান হ’ব বুলি আশা কৰা হৈছিল৷ কিন্তু বৰষুণৰ বাবে হতাশ হ’ল দৰ্শক৷ ভাৰতীয় দলৰ মেনেজাৰে গুৱাহাটীৰ পিটচ তিতি থকাৰ কথা ইতিমধ্যে প্ৰতিবেদনত প্ৰকাশ কৰিছে৷ মঙলবাবে ইনদোৰত অনুষ্ঠিত হ’ব ভাৰতীয় ক্ৰিকেট দলৰ দ্বিতীয়খন আন্তৰ্জাতিক টি ২০৷ ইয়াৰ বাবে অধিক আগ্ৰহেৰে আশা কৰি আছে ক্ৰিকেটপ্ৰেমী৷













