ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Lok sabha elections 2024 : গুজৰাটত আপৰ তাৰকা প্ৰচাৰকৰ তালিকাত তিনি কাৰাবন্দী নেতা কেজৰিৱাল, চিচোডিয়া আৰু সত্যেন্দ্ৰ জৈন

নিউজ ডেস্কঃ

News Desk by News Desk
April 17, 2024
Reading Time: 1 min read
A A
0
Lok sabha elections 2024 : গুজৰাটত আপৰ তাৰকা প্ৰচাৰকৰ তালিকাত তিনি কাৰাবন্দী নেতা কেজৰিৱাল, চিচোডিয়া আৰু সত্যেন্দ্ৰ জৈন

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

আগন্তুক লোকসভা নিৰ্বাচন (Lok Sabha Election)ত গুজৰাটত আম আদমী পাৰ্টি (Aam Aadmi Party in Gujarat)ৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ (AAP Star Campaigner) চলাবলগা প্ৰাৰ্থীৰ তালিকা মঙলবাৰে প্ৰকাশ কৰে। উক্ত তালিকাক লৈ এতিয়া ৰাজনৈতিক মহলত আলোচনা আৰম্ভ হৈছে। কিয়নো আপৰ তাৰকা প্ৰচাৰকৰ তালিকাত তিনিটা নামৰ কথা চৰ্চা হৈছে। অৰবিন্দ কেজৰিৱাল (Arvind Kejriwal), মনীষ চিছোদিয়া আৰু সত্যেন্দ্ৰ জৈন— এই তিনিগৰাকী নেতা সম্প্ৰতি কাৰাবন্দী। তিনিওজনৰে বৰ্তমানৰ ঠিকনা তিহাৰ জে’ল। যাৰ বাবে বহুতে প্ৰশ্ন উত্থাপন কৰিছে যে এই তিনিগৰাকী নেতাই কাৰাগাৰৰ ভিতৰৰ পৰা কেনেকৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব?

উল্লেখযোগ্য যে ২১ মাৰ্চত দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক আবকাৰী গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰে। একেটা গোচৰতে যোৱা ২৬ ফেব্ৰুৱাৰীত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষক গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰ পৰাই তেওঁ জে’লত আছে। নিম্ন ন্যায়ালয়ৰ উপৰি দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়তো জামিনৰ বাবে আবেদন কৰিছিল মনীষে। অৱশ্যে এতিয়ালৈকে কোনো আদালতে তেওঁক জামিন মঞ্জুৰ কৰা নাই। ৬ এপ্ৰিলত দিল্লীৰ ৰাউজ এভিনিউ আদালতত মনীষৰ গোচৰৰ শুনানি গ্ৰহণ কৰা হয়। অৱশ্যে বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই তেওঁৰ জামিন আবেদন মঞ্জুৰ নকৰিলে। ১৮ এপ্ৰিললৈকে তেওঁক জে’লত ৰখাৰ নিৰ্দেশ দিয়া হৈছে। কিন্তু সেইদিনাও তেওঁ জামিন পাবনে নাপাব সেয়া এতিয়াও নিশ্চিত হোৱা নাই। কিন্তু তাৰ পূৰ্বে আপে তেওঁলোকৰ তাৰকা প্ৰচাৰকৰ তালিকাত মনীষৰ নাম সংযোজন কৰিছে।

AAP | ASSAM TIMES POST

আনহাতে, দিল্লীৰ ৰাউজ এভিনিউ আদালতে ২৩ এপ্ৰিললৈকে কাৰাগাৰত বন্দী কৰিছে আপৰ মুৰব্বী কেজৰিৱালক। ইয়াৰ উপৰি উচ্চতম ন্যায়ালয়ত ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই কেজৰিৱালৰ গোচৰৰ শুনানিও ২৭ এপ্ৰিললৈ পিছুৱাই দিয়া হৈছে। তেওঁ জামিন পাবনে নাপাব তাক লৈ বিভিন্ন মহলত কৌতুহলৰ সৃষ্টি হৈছে। কিন্তু আপে তেওঁকো তাৰকা প্ৰচাৰক হিচাপে তালিকাভুক্ত কৰিছে।

কেজৰিৱাল, মনীষৰ উপৰি আপৰ তাৰকা প্ৰচাৰক সত্যেন্দ্ৰৰ বিষয়েও আলোচনা হৈছে। ২০২২ চনৰ মে’ মাহত সত্যেন্দ্ৰক ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। অভিযোগ অনুসৰি তেওঁ অবৈধ ধনেৰে মাটি ক্ৰয় কৰিছিল। কিন্তু সত্যেন্দ্ৰই উক্ত অভিযোগ মানি লোৱা নাই। জে’ললৈ যোৱাৰ পিছৰে পৰা সত্যেন্দ্ৰই বাৰে বাৰে নিজে অসুস্থ বুলি দাবী কৰি আহিছে। ইয়াৰ পিছত দেখা যায় যে সত্যেন্দ্ৰ জে’লত অসুস্থ হৈ পৰে। তিহাৰ জে’লৰ শৌচাগাৰত অজ্ঞান হৈ পৰে দিল্লীৰ প্ৰাক্তন স্বাস্থ্য আৰু কাৰাগাৰ মন্ত্ৰীগৰাকী। পিছত উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিন আবেদন মঞ্জুৰ কৰে। কিন্তু ১৮ মাৰ্চত উচ্চতম ন্যায়ালয়ে সত্যেন্দ্ৰৰ জামিন আৱেদন নাকচ কৰে। লগতে আদালতে কয়, “সত্যেন্দ্ৰই তৎক্ষণাত আত্মসমৰ্পণ কৰিব লাগিব।” আদালতৰ নিৰ্দেশত তেৱোঁ জে’লত আছে।

উল্লেখযোগ্য যে আপে ৪০ তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে। উক্ত তালিকাত তেওঁৰ পত্নী সুনীতাৰ নাম কেজৰিৱালৰ নামৰ পিছতে ৰখা হৈছে। কেজৰিৱাল জে’ললৈ যোৱাৰ পিছৰে পৰা তেওঁ আপৰ বাবে সক্ৰিয় ভূমিকা পালন কৰা দেখা গৈছে। সুনীতাই জে’লৰ পৰা কেজৰিৱালৰ প্ৰায় সকলো মেছেজ ৰাইজৰ আগত পঢ়ি শুনাইছে। আনকি দিল্লীৰ ৰামলীলা ময়দানত বিজেপি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই আহ্বান কৰা বৈঠকতো তেওঁ দৃষ্টি আকৰ্ষণ কৰে। সুনীতাকো তাৰকা প্ৰচাৰকৰ তালিকাত ৰখা হৈছে।

ইয়াৰ উপৰি তাৰকা প্ৰচাৰকৰ তালিকাত আছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভাগৱত মান, সন্দীপ পাঠক, গোপাল ৰায়, ৰাঘৱ চাদা, আতিশী মাৰ্লেনা, সৌৰভ ভৰদ্বাজ। নৱনিযুক্ত ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙকো আপ গুজৰাটৰ তাৰকা প্ৰচাৰক হিচাপে নিযুক্তি দিয়া হৈছে।

Tags: AAPআমআদমীপাৰ্টি
Share4Tweet3Send

Related Posts

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

by Staff Reporter
June 27, 2026
50
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’
National-International

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

by Staff Reporter
June 27, 2026
50
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

by Staff Reporter
June 27, 2026
50
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

by News Desk
June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

by News Desk
June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

by News Desk
June 26, 2026
50
ADVERTISEMENT
New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
50
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’
National-International

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

June 27, 2026
50
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026
50
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

June 27, 2026
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx