দেওবাৰৰ পিছত মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Delhi Chief Minister Arvind Kejriwal) পুনৰবাৰ ইডিৰ জিম্মাৰ পৰা (From the ED’s custody) চৰকাৰী কৰ্তব্য সম্পূৰ্ণ (Government duties complete) কৰে। এইবাৰ দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজক ৰাজ্যবাসীৰ স্বাস্থ্য সেৱাক লৈ উদ্বেগ প্ৰকাশ কৰা দেখা গ’ল। কেৱল সেয়াই নহয়, ‘মহল্লা ক্লিনিক’ত বিনামূলীয়া ঔষধৰ অভাৱ হ’ব নালাগে বুলিও তেওঁ নিৰ্দেশ দিয়ে।
মঙলবাৰে এখন সংবাদমেলযোগে দিল্লীৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, “জে’লত থকাৰ পিছতো কেজৰিৱাল দিল্লীৰ জনসাধাৰণৰ স্বাস্থ্যক লৈ চিন্তিত। এই সন্দৰ্ভত তেওঁ মোক কিছু নিৰ্দেশনা দিয়ে। তেওঁ মোক কয় যে দিল্লীৰ কিছুমান হাস্পতাল আৰু মহল্লা ক্লিনিকত বিনামূলীয়া ঔষধ প্ৰদান নকৰাৰ খবৰ পাইছে। সকলো ঔষধ তাত নাই। এই সমস্যা শীঘ্ৰে সমাধান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে মোক নিৰ্দেশ দিছে।”
উল্লেখযোগ্য যে ইডিয়ে যোৱা বৃহস্পতিবাৰে দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত তেওঁৰ ঘৰত দুঘণ্টা ধৰি ধাৰাবাহিকভাৱে জেৰা আৰু তালাচী অভিযানৰ অন্তত নিশা তেওঁক গ্ৰেপ্তাৰ কৰে। আনহাতে, আবকাৰী গোচৰত কেজৰিৱালক গ্ৰেপ্তাৰ কৰাটো ‘অবৈধ’ বুলি দাবী কৰিছে আপে। ইফালে ইডিৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছতো আপৰ মুৰব্বীগৰাকীয়ে দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰা নাই। বৰঞ্চ কেজৰী মুখ্যমন্ত্ৰী হৈ থাকিব বুলি তেওঁৰ দলে অৱগত কৰে।
লগতে কাৰাগাৰত বহিয়ে কেজৰিৱালে চৰকাৰ চলাব বুলিও আপে অৱগত কৰে। সেই অনুসৰি দেওবাৰে দেখা গ’ল যে কেজৰিৱালে ইডিৰ জিম্মাৰ পৰা দিল্লীৰ মন্ত্ৰী আতিশী মাৰ্লেনালৈ কিছু প্ৰয়োজনীয় নিৰ্দেশনা প্ৰেৰণ কৰে। এই সন্দৰ্ভত আতিশীয়ে কয় যে ৰাজধানীৰ একাংশ অঞ্চলত কেইবাদিনো পানী যোগানৰ সমস্যা আছিল। কেজৰীয়ে তেওঁক সেই সমস্যা সমাধানৰ বাবে উদ্যোগ ল’বলৈ নিৰ্দেশ দিয়ে। “মই বিজেপিক ক’ব বিচাৰো, কেজৰিৱালক গ্ৰেপ্তাৰ কৰিব পাৰিব, কিন্তু দিল্লীৰ জনসাধাৰণৰ প্ৰতি তেওঁৰ মৰম আৰু কৰ্তব্যবোধক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব।”
উল্লেখযোগ্য যে গ্ৰেপ্তাৰৰ পিছত জিম্মাত থকা অৱস্থাৰ পৰা চৰকাৰী কাম-কাজ চলোৱা ভাৰতৰ ইতিহাসৰ প্ৰথমজন মুখ্যমন্ত্ৰী হৈছে কেজৰিৱাল। অৱশ্যে এই কাৰ্যক সমালোচনা কৰি বিজেপিয়ে দাবী কৰে যে কেজৰিৱালে এতিয়া সহানুভূতি লাভৰ চেষ্টা কৰিছে। বিজেপি নেতা হৰিশ খুৰাণাই কয়- হঠাতে তেওঁ (অৰবিন্দ কেজৰিৱালে) দিল্লীক লৈ উদ্বেগ প্ৰকাশ কৰিছে। নাটকৰ বাহিৰে এয়া আন একো নহয়। গ্ৰেপ্তাৰ হোৱাৰ পিছত সহানুভূতি বিচাৰিছে।