দৌল পূৰ্ণিমাৰ (Daul Purnima) দিনা পুৱা মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ মহাকাল মন্দিৰত (Mahakal temple in Ujjain, Madhya Pradesh) ভয়ংকৰ অগ্নিকাণ্ড (Massive fire) সংঘটিত হয়। এই ঘটনাত ১৩ জন লোক গুৰুতৰভাৱে আহত (13 people seriously injured) হয়। আহত আটাইকেইজন স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
সোমবাৰে পুৱা মহাকাল মন্দিৰৰ গৰ্ভগৃহত সংঘটিত হয় এই দুৰ্ঘটনা। দৌল পূৰ্ণিমাৰ দিনা বিশেষ পূজাৰ আয়োজন কৰা হয়। সেই সময়ত সহস্ৰাধিক ভক্ত উপস্থিত আছিল। পুৱা ভস্ম আৰতিৰ সময়ত মন্দিৰৰ গৰ্ভগৃহত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয়। মন্দিৰৰ ৫ জন পুৰোহিতকে ধৰি ১৩ জন লোক গুৰুতৰভাৱে আহত হয় এই অগ্নিকাণ্ডত। জুই বিয়পি পৰাৰ লগে লগে মন্দিৰত আতংক বিয়পি পৰে।
কৰ্তৃপক্ষই জনোৱা মতে, আহতসকলৰ ১৩জন বেয়াকৈ জ্বলি গৈছে। তেওঁলোকক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।