কাৰ্বি আংলং জিলাৰ হিংসাত্মক পৰিৱেশৰ অৱসান ঘটাই স্থায়ী শান্তিৰ পৰিৱেশ সৃষ্টি কৰা বুলি বিভিন্ন সময়ত চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈ আহিছে যদিও জিলাখনত বিগত সময়ছোৱাত বিভিন্ন সময়ত সশস্ত্ৰ তৎপৰতা অব্যাহত থকা পৰিলক্ষিত হৈছে। আৰক্ষীয়ে বিগত সময়ছোৱাত একাধিক বাৰ এনে চক্ৰৰ বিৰুদ্ধে অভিযান চলাই অহাৰ সময়তে জিলাখনত আৰক্ষীয়ে পুনৰ বৃহৎ পৰিমাণৰ গোপন অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, কালি বিয়লি কাৰ্বি আংলং জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) নয়নমণি বৰ্মন, ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জে এছ খবুঙৰ সহযোগত মাইবঙৰ মহকুমা আৰক্ষী বিষয়া, বিৰলাস্থিত চি আৰ পি এফৰ সৈতে আৰক্ষী আৰু চি আৰ পি এফৰ এক যুটীয়া বাহিনীয়ে এক বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত তিনি যুৱকক আটক কৰে।
ধৃত যুৱককেইজন ক্ৰমে বৰলাংফেৰ থানাৰ অন্তৰ্গত এক নং ডিলাংগীৰ বাসিন্দা তথা বৰ্তমান নাগালেণ্ডৰ ধনশিৰি পাৰ নিবাসী নিজেশ লাংথাছা (30), ধনশিৰি ডিমাইদিৰ মাণিক হাফলংবাৰ আৰু ধনশিৰি আদৰ্শৰ কুমুদ ওৰফে ৰথাই ফংলো বুলি চিনাক্ত কৰা হৈছে। ধৃত তিনি যুৱকে আৰক্ষীৰ জেৰাত ধৃত নিজেশ লাংথাছাৰ ডিফু থানাৰ অন্তৰ্গত নাইলালং এক নং ডিলাংগীৰ ঘৰৰ চৌহদৰ বাহৰ জোপোহাত পলিথিনৰে মেৰিয়াই এক বৃহৎ অস্ত্ৰ ভাণ্ডাৰ লুকুৱাই ৰখাৰ কথা স্বীকাৰ কৰে।
উক্ত স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই নিজেশ লাংথাছাৰ ঘৰৰ চৌহদত অভিযান চলাই মেগজিনসহ এটা এ কে ছিৰিজৰ ৰাইফল, মেগজিনসহ তিনিটা পইন্ট 32 পিষ্টল, তিনিটা সজীৱ হেণ্ড গ্ৰেণেড উদ্ধাৰ কৰে। ইয়াৰ লগতে আৰক্ষীয়ে দুটা মোবাইল ফোনো জব্দ কৰিছে। আনহাতে, ধনশিৰি উপ-আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই এটা হাতেসজা বন্দুক উদ্ধাৰ কৰে। এই বৃহৎ অস্ত্ৰ ভাণ্ডাৰ কি উদ্দেশ্যে এনেদৰে লুকুৱাই ৰখা হৈছিল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত ডিফু থানাত 10/24 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।