ASSAM TIMES POST
স্পৰ্টছ ডেস্ক
ভাৰত-শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগা ‘টী-২০’ আন্তৰ্জাতিক ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ বাবে শুকুৰবাৰে আহি গুৱাহাটীত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকল। গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত পুৱা ৪.১৫ বজাত উপস্থিত হয় ৱাছিংটন সুন্দৰ, জে বুমৰাহ, সঞ্জু ছেমচনকে ধৰি ৪গৰাকী ভাৰতীয় ক্ৰিকেট দলৰ সদস্য। বিমানবন্দৰৰ পৰা পোনে পোনে আটাইকেইজন খেলুৱৈক লৈ যোৱা হয় হোটেল ‘ৰেডিছন ব্লু’লৈ।
খেলুৱৈকেইজনৰ আগমনক লৈ বৰঝাৰ বিমানবন্দৰত গঢ়ি তোলা হয় কটকটীয়া নিৰাপত্তা। আনহাতো, বিয়লিভাগত গুৱাহাটীত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিকে ধৰি বাকী সদস্যসকল। উল্লেখ্য যে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হৈছেহি শ্ৰীলংকাৰ ক্ৰিকেট দলটো। অহা ৫ জানুৱাৰীত গুৱাহাটীৰ বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰথমখন টী-২০।













