ষ্টাফ ৰিপ’ৰ্টাৰ: ডিফু
যোৱা ১৫ ফেব্রুৱাৰীত পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত আন্দোলনৰত এটা ছাত্র সংগঠনৰ ওপৰত হিন্দীভাষী লোকৰ আক্রমণক কেন্দ্র কৰি উদ্ভব হৈ থকা অশান্ত পৰিস্থিতি নিয়ন্ত্রণাধীন হৈ আছে যদিও দুয়োখন পার্বত্য জিলাত আজিও অব্যাহত আছে চেপা উত্তেজনা। বিজেপিৰ ৰাষ্ট্রীয় কার্যকৰী সভাত উপস্থিত থকাৰ বাবে নতুন দিল্লীত থকা পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙ আজি জিলাখনলৈ উভতি আহি পিজিআৰ আৰু ভিজিআৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে আন্দোলন কৰি অহা আঞ্চলিক ৰাজনৈতিক দল এএছডিচি, ভাতৃ সংগঠন কাবি ছাত্র সন্থা, কেএনচিএ আদিব সৈতে পৰিষদৰ সভাকক্ষত এক আলোচনাত মিলিত হয়।
আলেচনাৰ অন্তত এএছডিচি দলৰ সভাপতি চন্দ্রকান্ত তেৰাঙে সংবাদমাধ্যমৰ আগত আজিৰ এই আলোচনা সফল আখ্যা দি পৰিষদৰ ওচৰত পাঁচাটা দাবী উত্থাপন কৰাৰ বিষয়টো প্রকাশ কৰে। চন্দ্রকান্ত তেৰাঙে সংবাদমাধ্যমৰ আগত কয় যে, এই ঘটনাৰ আলম লৈ কোনো প্ৰকাৰৰ অপ্রীতিকৰ ঘটনা সংঘটিত নোহোৱাৰ বাবে আমি প্রায় প্রতিদিনে সংবাদমেল সম্বোধন কৰিছিলো আৰু জনতাক শান্তি শৃংখলা অব্যাহত ৰাখিবলৈ আহ্বান জনাইছিলো। আজি পৰিষদৰ আহ্বানত আমালৈ প্রদান কৰা আলোচনাৰ নিমন্ত্রণ গ্রহণ কৰি আমি আলেচনাত বহিছো।
আলোচনাত আমি লিখিতভাবে আমি পাঁচটা দাবী উত্থাপন কৰিছো। প্রথম দাবী অনুসৰি পিজিআাৰ-ভিজিআৰ ভূমিত ৩০ দিনৰ ভিতৰত উচ্ছেদ অভিযান চলাব লাগিব। এই অভিযানৰ পৰা পাহাৰীয়া জনজাতিসকলক ৰেহাই দিব লাগিব। কার্বি আংলং আৰু পশ্চিম কার্বি আংলঙত অনুপ্রবেশ কৰা সকলো বহিঃৰাগত নাগৰিক উচ্ছেদ কৰা। কাৰণ, অবৈধ অনুপ্রৱেশকাৰীৰ ফলত আমাৰ ভাৰসম্য হেৰাইছে আৰু যাৰ ফলত এনেধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত হ’ব লগা হৈছে।
অবৈধ অনুপ্রৱেশৰ ফলত খিলঞ্জীয়াৰ প্রতি ভাবুকি আহি পৰাৰ লগতে ভাষা-সংস্কৃতিৰ প্রতিও সংকট আহিছে বুলিও দলটোৱে দাবী কৰে। ৪ নং দাবী অনুসৰি গ্রেজিং ভূমিত স্থাপিত ভোট গ্রহণ কেন্দ্রসমূহ উঠাই দিয়াৰ দাবী উত্থাপন কৰে দলটোৱে। ৫ নং দাবী অনুসৰি সকলো অবৈধ অনুপ্রৱেশকাৰীৰ নাম লোকসভা-বিধানসভা আৰু আন সাংবিধানিক নির্বাচনী প্রক্ৰিয়াৰ পৰা কর্তন কৰাৰ দাবী উত্থাপন কৰে দলটোৱে।
এই দাবী সন্দর্ভত পৰিষদৰ মুখ্য কার্যবাহী সদস্যগৰ্কীয়ে ১০০ শতাংশ সহমত প্রকাশ কৰি কালিৰে পৰা উচ্ছেদ প্রক্রিয়া আৰম্ভ কৰা হ’ব বুলি আশ্বাস প্রদান কৰা বুলিও তেৰাঙে সংবাদমাধ্যমৰ আগত প্রকাশ কৰে। আজিৰ এই আলোচনা সফল বুলিও তেৰাঙে দাবী কৰে। আনহাতে মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজিৰ আলোচনা সন্দর্ভত মন্তব্য কৰি কয় যে, পিজিআৰ-ভিজিআৰ ভূমিত বসবাস কৰা সকলক উচ্ছেদ কৰাৰ দাবীত এএছডিচি, কেএছএ আৰু ভাতৃ সংগঠনে যি আন্দোলন চলাইছিল এই সন্দর্ভত আমি আজি আলোচনাত মিলিত হও।
আমাৰ কেইটামান ৰাজহচক্রৰ অধীনৰ পিজিআৰ-ভিজিআৰ ভূমিত অবৈধ দখল হৈছে আৰু এই সন্দর্ভত আমি কালিলৈ জিলাখনৰ সকলো ৰাজনৈতিক দল, প্রাক্তন মুখ্য কার্যবাহী সদস্য, প্রাক্তন মন্ত্রী, প্রাক্তন সাংসদ, জিলাখনৰ সকলো জাতীয় সংগঠনৰ সৈতে পুৱা ১০ বজাত পুনৰ এক আলোচনাত মিলিত হ’ম। এই আলোচনাৰ পাছতেই পৰিষদৰ পদক্ষেপ ঘোষণা কৰা হ’ব বুলিও ৰংহাঙে সদৰি কৰে। আনহাতে ১৫ ফেব্রুৱাৰীৰ ঘটনাত আহত হোৱা ছাত্র নেতাসকললৈ এক লাখ টকাকে প্রদান কৰা কথাও ৰংহাঙে ঘোষণা কৰে।
আনহাতে, মাৰপিটৰ ঘটনাত জড়িতসকলক গ্রেপ্তাৰৰ বাবে তেওঁ আযুক্ত আৰু আৰক্ষী অধীক্ষকক উক্ত দিনাই নির্দেশ দিয়াৰ কথা সদৰি কৰি ইতিমধ্যে দুস্কৃতিকাৰীসকলক গ্রেপ্তাৰ কৰা কথাও জানিবলে দিয়ে। দুয়োখন পার্বত্য জিলাত চলি থকা উত্তেজনাময় পৰিস্থিতি সন্দৰ্ভত মুখ্য কার্যবাহী সদস্যগৰাকীয়ে কয় যে- হিংসা, আন্দোলনেৰে কোনো দাবী সমাধা নহয়, আলোচনাৰ মাধ্যমেৰেহে যিকোনো সমস্যা সমাধান কৰাটো সম্ভৱ।
সেয়ে মই কালিলৈ সকলো দল-সংগঠনক আলোচনাৰ মেজলৈ আমন্ত্রণ জনাইছো। দুয়োখন পার্বত্য জিলাত স্থায়ী শান্তি স্থাপনৰ আহ্বান মই সদায়ে কৰি আহিছো বুলি উল্লেখ কৰি ৰংহাঙে স্থায়ী শান্তি থাকিলেহে বিভিন্ন ধকাৰ উন্নয়নমূলক কাম-কাজ সম্ভৱ বুলি প্রকাশ কৰে। আনহাতে, বর্তমান হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ কথা উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীৰ অসুবিধাৰ প্রতি লক্ষ্য ৰাখি সকলো ধৰণৰ ধৰ্ণা-পিকেটিং প্রত্যাহাৰ কৰিবলৈ আহ্বান জনায়। কালিৰ আলোচনাত কি সিদ্ধান্ত হয় তাৰ ওপৰত দুয়োখন পার্বত্য জিলাৰ পৰিস্থিতি নির্ভৰ কৰিব বুলিও এতিয়া সমগ্র জিলাত ব্যাপক চর্চা চলা পৰিলক্ষিত হৈছে।