২২ জানুৱাৰীত ৰাম মন্দিৰৰ (Ram Mandir) প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে অসমতো তাৰ পূৰ্বৰে পৰা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ৬ দিনীয়া বিভিন্ন কাৰ্যসূচী ঘোষণা কৰিছে । ৰাম মন্দিৰ উদ্বোধনৰ দিনা, ২২ জানুৱাৰীত অসমবাসীক ঘৰে ঘৰে বন্তি প্ৰজ্জ্বলন কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে । আনহাতে, অহা ১৬ জানুৱাৰীৰ পৰা ৰূপায়ণ কৰিবলগা বিভিন্ন কাৰ্যসূচীও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ।
এই উপলক্ষে ১৬-১৯ জানুৱাৰীলৈ এই চাৰিটা দিনত ৰাজ্যৰ প্ৰতিটো ধৰ্মৰে উপাসনা গৃহত স্বচ্ছতাৰ অভিযান চলোৱা হ’ব ৷ আনহাতে, ২১ জানুৱাৰীৰ দিনা বিজেপিৰ যুৱ মৰ্চাই ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ ইয়াৰ উপৰি ২০ জানুৱাৰীত সমগ্ৰ ৰাজ্যতে ভাদ মাহৰ নাম অনুষ্ঠানৰ দৰে সকলো নামঘৰতে নাম প্ৰসংগ কৰা হ’ব ।
ইফালে ৰাম মন্দিৰ নিৰ্মাণ আৰু উদ্বোধনক লৈ অতি উচ্ছ্বসিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বই কয়, “২২ জানুৱাৰীৰ দিনটোৱে ৫০০ বছৰীয়া গোলামিৰ শৃংখল ভাঙি এক অনন্য স্বাধীনতা আনি দিব ৷”