
দেশজুৰি এতিয়া এক ৰামময় পৰিৱেশ। তীব্ৰ গতিত চলি আছে অযোধ্যাত ৰাম মন্দিৰৰ (Ram Mandir) উদ্বোধনী কাৰ্যসূচীৰ প্ৰস্তুতি। ২২ জানুৱাৰীত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। সাধু-সন্তৰ লগতে বিশিষ্ট ব্যক্তি, ৰাজনীতি, মনোৰঞ্জন, ক্ৰীড়া জগতৰ তাৰকাসকলো তাত উপস্থিত থাকিব।

এই পৰিবেশত সমগ্ৰ ৰাজ্যখনতে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ’ব। সেয়ে ৰাম মন্দিৰ উদ্বোধন উপলক্ষে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বন্ধ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে মঙলবাৰে অযোধ্যাত এক উচ্চ পৰ্যায়ৰ বৈঠকত ৰাম মন্দিৰ উদ্বোধনৰ বাবে প্ৰস্তুতিৰ বুজ লয়। বৈঠকত তেওঁ ২২ জানুৱাৰীত ৰাজ্যৰ সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ থাকিব বুলি নিৰ্দেশ দিয়ে।
লগতে সুৰাৰ দোকানসমূহো বন্ধ থাকিব। আনহাতে, ৰাজ্যৰ সকলো চৰকাৰী ভৱন লাইটেৰে সজাই তোলা হ’ব। সেইদিনা সন্ধিয়া আতচবাজী প্ৰদৰ্শনৰ আয়োজন কৰিব। উল্লেখযোগ্য যে সেইদিনা ৰাজ্যখনত সমবেত হ’ব ৭ হাজাৰৰো অধিক অতিথি। তাৰ পূৰ্বে অহা ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব স্বচ্ছতা অভিযান।










