২০২৩ বৰ্ষটোত নিচাযুক্ত ড্ৰাগছৰ ভয়াবহতাত পাহাৰীয়া কাৰবি আংলঙত নৱ প্ৰজন্মক গ্ৰাস কৰি ৰখাৰ সময়ত আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱাৰ পিছত শণিবাৰে পুৱাৰ ভাগত মাঞ্জাৰ সমীপৰ ৯ মাইলত প্ৰায় চাৰে সাতাইছ কোটি টকাৰ দাহ কাৰ্যসূচী সম্পন্ন কৰে ৷ প্ৰতিবছৰৰ দৰে এই বছৰো ডিষ্ট্ৰিক্ট ড্ৰাগছ ডিচপজেল কমিটিৰ নিৰ্দেশ মৰ্মে কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু শীৰ্ষ আৰক্ষী বিষয়া সকলৰ ওপস্থিতিত ৰাখি ব্ৰিকছ ইটা ভাটাত ড্ৰাগছ সমূহ দাহ কৰা হয় ৷
দাহন কৰা নিচাযুক্ত ড্ৰাগছ সমূহৰ ভিতৰত আছে হেৰইন ১২ কেজি ৫৫০ গ্ৰাম, গাঞ্জা ১৮৯কেজি ৩৫ গ্ৰাম, মৰফিন ২ কেজি ৮ গ্ৰাম আৰু ২০৯৮ টা নিচাযুক্ত টেবলেট ৷ নিচাযুক্ত ড্ৰাগছখিনিৰ মূল্য ২৭,৫৫,১৬,৫০০ টকা মূল্যৰ ড্ৰাগছ দাহ কৰা হয় ৷ দাহন কৰা নিচাযুক্ত সামগ্ৰীখিনি আৰক্ষীয়ে ২০২৩ বৰ্ষৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ কৰা হৈছিল বুলি জানিব পৰা গৈছে ৷
আজিৰ ড্ৰাগছ দাহন কাৰ্যসূচীত ড্ৰাগছ ডিজপজেল কমিটিৰ অধ্যক্ষ তথা জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, সদস্য সকল ক্ৰমে, ডঃ এনএন ৰাজখোৱা, অতিৰিক্ত আয়ুক্ত ডেভিড বৰা, অতিৰিক্ত আয়ুক্ত চন্দন বৰগোঁহাই, আবকাৰী বিভাগৰ এএছএফ সোণামণি সিংহ আৰু ২০ বিএন চিআৰপিএফৰ কামাণ্ডেণ্ট স্বৰ্ণ সিঙ উপস্থিত থাকে ৷ ড্ৰাগছ দাহন কাৰ্য স্থলীত এক সংবাদমেলৰ আয়োজন কৰি সমগ্ৰ তথ্য সদৰি কৰে জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ৷ আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে কয়যে, অতিশীঘ্ৰে ড্ৰাগছ আসক্ত সকলৰ বাবে এক পুণৰ সংস্থাপন কেন্দৰ্ স্থাপন কৰাৰ প্ৰস্তুতি চলি আছে বুলি জানিবলৈ দিয়ে ৷