কাৰ্বি আংলং জিলাৰ মাজেৰে অবৈধ ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰখা অপৰাধী চক্ৰৰ বিৰুদ্ধে আজি কাৰ্বি আংলং জিলাৰ বৰপথাৰত (Borpathar of Karbi Anglong) কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ আৰক্ষীয়ে এক সফল অভিযান (Karbi Anglong and Golaghat Police) চলাই বুজন পৰিমাণৰ মৰফিন জব্দ (Huge amount of morphine seized) কৰাৰ লগতে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত গোলাঘাট জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ)ৰ নেতৃত্বত তথা গোলাঘাট, বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু বোকাজান মহকুমা আৰক্ষী বিষয়াৰ সহযোগত আজি আৰক্ষীৰ এটা দলে বৰপথাৰ থানাৰ অন্তৰ্গত খকৰাজানত তালাচী অভিযান চলায়।
উক্ত অভিযানত আৰক্ষীৰ দলটোৱে এএছ-০১-বিডি-২৩১৪ নম্বৰৰ এক্স ইউ ভি ৫০০ বাহনখনত তালাচী চলাই ১.৮৫০ কিঃগ্ৰাঃ মৰফিন জব্দ কৰিবলৈ সক্ষম হয়। বাহনখনৰ স্পেয়াৰ চকাৰ ভিতৰত নিচাযুক্ত সামগ্ৰী খিনি ভৰাই সৰবৰাহৰ চেষ্টা কৰা হৈছিল। এই সন্দৰ্ভত আৰক্ষীয়ে ডিমাপুৰৰ আকুম চাং (৫৯) আৰু খটখটীৰ বৰলেংৰি ব্লক-১ৰ অংবউ চাং (৪৫) নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।