ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

এই দেশত থাকিব নিবিচাৰিলে পাকিস্তানলৈ যাওক : মিৰাটৰ আৰক্ষী অধীক্ষকৰ বিতৰ্কিত মন্তব্য

ASSAM TIMES POST by ASSAM TIMES POST
December 28, 2019
Reading Time: 1 min read
A A
0
এই দেশত থাকিব নিবিচাৰিলে পাকিস্তানলৈ যাওক : মিৰাটৰ আৰক্ষী অধীক্ষকৰ বিতৰ্কিত মন্তব্য

assam times post 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

নিউজ ডেস্ক

বিক্ষোভকাৰীসকলক উদ্দ্যেশ্যি গুলী চলোৱাৰ অভিযোগ পূৰ্বতেই উঠিছিল৷ সেই বিতৰ্কৰ ঢৌ মাৰ নৌযাওঁতেই পুনৰ এবাৰ প্ৰশ্ন উঠিছে উত্তৰ প্ৰদেশ আৰক্ষীৰ ভূমিকাক লৈ৷ এইবাৰ উঠিছে সাম্প্ৰদায়িক মন্তব্যৰ অভিযোগ৷ আৰু এই মন্তব্য উঠিছে মিৰাটৰ খোদ আৰক্ষী অধীক্ষক অখিলেশ নাৰায়ণৰ বিৰুদ্ধে৷ উত্তৰ প্ৰদেশৰ হিংসাত্মক ঘটনাৰ সমান্তৰালভাৱে নাৰায়ণৰ এই মন্তব্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ এতিয়া সেই ভিডিঅ’টোক লৈয়ে সৰৱ চৰ্চা চলিছে ৰাজ্যখনত৷

২ মিনিটৰ কম সময়ৰ ভিডিঅ’টোত কেইবাজনো লোকক দাবী-ধমকি দিয়া দেখা গৈছে আৰক্ষী অধীক্ষকগৰাকীক৷ উল্লেখ্য যে সংশোধিত নাগৰিকত্ব আইনৰ প্ৰতিবাদত বিগত কেইবা দিনো ধৰি উত্তৰ প্ৰদেশত সংঘটিত হৈ আছে হিংঘাত্মক ঘটনা৷ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজৰ সংঘাতে ৰণক্ষেত্ৰলৈ পৰিণত কৰিছে ৰাজ্যখনৰ কেইবাখনো জিলা৷ যোৱা শুকুৰবাৰে সেই হিংসাত্মক ঘটনাৰ সকলোতকৈ বেছি আঁচোৰ পৰে মিৰাটত৷ ৰাজ্যখনৰ ভিতৰত কেৱল মিৰাটতেই উক্ত দিনা হিংসাত্মক ঘটনাৰ চিকাৰ হয় ৬জনকৈ লোক৷ সেই হিংসাত্মক ঘটনা ৰোধ কৰিবৰ বাবে জিলাখনৰ আৰক্ষী অধীক্ষক অখিলেশ নাৰয়ণৰ নেতৃত্বত আৰক্ষীৰ বিশাল বাহিনী নামি পৰিছিল৷

টহল দিয়াৰ সময়ত আৰক্ষী অধীক্ষকগৰাকী সোমাই পৰিছিল এটা গলিত৷ সেই সময়ত গলিটোত টুপী পৰিহিত কেইবাজনো লোক আছিল৷ হঠাৎ সেই লোককেইজনক উদ্দ্যেশ্যি নাৰায়ণে কয়, “ক’ত পলাবি এতিয়া?” ব্যক্তি কেইজনৰ মাজৰ পৰা এজনে উত্তৰ দিয়ে, “আমি নামাজ পঢ়িবলৈ গৈছিলোঁ৷” উত্তৰত এইবাৰ ধমকৰ সুৰ শুনা যায় আৰক্ষী অধীক্ষকৰ কণ্ঠত৷ তেওঁ কয়, ‘ঠিক আছে, কিন্তু ক’লা আৰু নীলা ৰঙৰ বেজ যাৰ বুকুত লাগি আছে তোমালোকে কৈ দিয়া যাতে তেওঁলোক যেন পাকিস্তানলৈ গুচি যায়৷ কেৱল সিমানতেই ক্ষান্ত নহয় আৰক্ষী অধীক্ষকগৰাকী৷ তেওঁ পুনৰ কয়, “যদি এই দেশত থাকিবলৈ ইচ্ছা নাই, তেতিয়াহ’লে গুচি যোৱা ভাই৷ ইয়াতে থাকিবা, কিন্তু গুণগান গাবা অন্য দেশৰ, এইটো হ’ব নোৱাৰে৷” এইবুলি এছপিগৰাকী কিছুদূৰ আগুৱাই গৈ পুনৰ ঘূৰি আহি কয়, “গলিৰ এটা এটা ঘৰৰ পৰা এজন এজনকৈ জে’লত ভৰাম৷ সকলোকে শেষ কৰি দিম৷”

আৰক্ষী অধীক্ষকগৰাকীৰ এই ভিডিঅ’টোক লৈ এতিয়া বিভিন্ন মহলত সৰৱ চৰ্চা চলিছে৷ অৱশ্যে তেওঁ কিয় এনে কথা ক’লে সেই বিষয়টো স্পষ্ট নহয়৷ কিন্তু তেওঁৰ এনে মন্তব্যক লৈ হতবাক হৈছে বহুতেই৷ ইয়াৰ বিপৰীতে আৰক্ষীৰ তৰফৰ পৰা এই সম্পৰ্কত ব্যাখ্যা আগবঢ়াই কয় যে সেই অঞ্চলটোত যথেষ্টসংখ্যক দুষ্কৃতিকাৰী আছে, যিসকলে পাকিস্তানৰ হৈ বিভিন্ন ধৰণৰ বিবৃতি দি আহিছে৷ সেয়েহে আৰক্ষী সেই স্থানলৈ গৈছিল দুষ্কৃতিকাৰীসকলক বিচাৰি উলিয়াবৰ বাবে৷ আনহাতে, হিংসাৰ সময়ত সেই অঞ্চলৰ পৰা আৰক্ষীক উদ্দ্যশ্যি ব্যাপকভাৱে ইটা আৰু পাথৰ দলিওৱা হৈছিল বুলিও আৰক্ষীয়ে অভিযোগ কৰে৷

Tags: Featured
Share7Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
50
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx