
ধনশিৰি (Dhansiri) মহকুমাৰ কাষৰীয়া অঞ্চলত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৪ জন লোক নিহত (4 killed in road accident) হয়। খবৰ পোৱা মতে, আজি পুৱা বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত কাৰ্বিআংলংৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ (39 Nationl Highway)ৰ হলৌখোৱাত (Haloukhowa) AS-01 FJ-4114 নম্বৰৰ এখন ডিমাপুৰ অভিমুখী থাৰ বাহন আৰু NL-04 C-3801 নম্বৰৰ গোলাঘাট অভিমুখী জিপচী বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়৷

এই পথ দুৰ্ঘটনাত ৪ জন লোক থিতাতে নিহত হোৱাৰ লগতে আন ৪ জন গুৰুতৰভাৱে আহত হয়। উল্লেখ্য যে, আহত কেইজনক ইতিমধ্যে বোকাজান চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। বৰ্তমানলৈকে নিহতসকলৰ নাম জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী আৰম্ভ হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।













