
নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ বাবে তেলেংগানাৰ ডিজিপি (Telengana) অঞ্জনী কুমাৰক নিলম্বন কৰে নিৰ্বাচন আয়োগে। জানিব পৰা মতে, নিৰ্বাচনৰ ভোট গণনাৰ সময়ত ডিজিপিয়ে ন’ডেল বিষয়া সঞ্জয় জৈনৰ সৈতে কংগ্ৰেছৰ সভাপতি তথা প্ৰাৰ্থী ৰেৱন্ত ৰেড্ডীৰ ঘৰলৈ গৈছিল। তেওঁৰ নিজৰ বাসগৃহলৈ গৈ মাল্যাৰ্পণ কৰিছিল।

সূত্ৰ অনুসৰি, ৰাজ্যজুৰি প্ৰায় তিনি হাজাৰ প্ৰাৰ্থীৰ ভিতৰত কেৱল এজন প্ৰাৰ্থীৰ সৈতে হোৱা বৈঠকত তেওঁৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন হয়। উক্ত ছবি ইতিমধ্যে ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে। সংবাদ সূত্ৰৰ পৰা জানিব পৰা মতে, ডিজিপিক নিলম্বন কৰাৰ উপৰি তেওঁৰ এই আচৰণৰ উত্তৰ বিচৰা হৈছে।









