কালি ২০২৩ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতীত্ব সহকাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক আনুষ্ঠানিক ভাবে আনন্দৰাম বৰুৱা নগদ ধনৰ পুৰস্কাৰ বিতৰণ কৰাৰ পিছত আজি ডিফু চৰকাৰী মহাবিদ্যালয়ত অনুষ্টিত কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ২০২৩ বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতীত্ব সহকাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ মাজত ভাৰত চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডঃ বাণীকান্ত কাকতী মেৰিটৰিয়াচ এৱাৰ্ড(Dr Banikanta Kakati Meritorious award )হিচাপে স্কুটী আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ৷
কাৰবি আংলঙ জিলাৰ হৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু পশ্চিম কাৰবি আংলঙৰ হৈ পৰিষদৰ অধ্যক্ষ ৰাজু তিচ’ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷ ইয়াৰেপৰি বিধায়ক বিদ্যাছিং ইংলেঙ ৰূপছিং টেৰণ, পৰিষদৰ উপাধ্যক্ষ ৰাজু তিচ’, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবী আৰু পৰিষদৰ কেইবাগৰাকীৰ ইএম এমএচি সকল উপস্থিত থাকে ৷
অনুষ্ঠানত কাৰবি আংলঙৰ ৩৬৭ আৰু পশ্চিম কাৰবি আংলঙৰ ১৩৯ গৰাকী ছাত্ৰ-ছাত্ৰী মুঠ ৫০৬ গৰাকীক এই বঁটা প্ৰদান কৰা হয় ৷ ছোৱালী ৬০ শতাংশ আৰু ল’ৰা ৭৫ শতাংশ নম্বৰ লাভ কৰা সকলক এই পুৰস্কাৰ প্ৰদান কৰা হয় ৷ অনুষ্ঠানৰ আৰম্ভনিতে ড: বাণীকান্ত কাকতীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ পিছত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে স্বাগত সংগীত প্ৰেৰণ কৰে ৷ কাৰবি আংলং জিলা উপায়ুক্তা ভাগৱতীয়ে আদৰণি ভাষণ প্ৰদান কৰে ৷
সংবাদমাধ্যমৰ সৈতে হোৱা বার্তালাপত ৰংহাঙে কয় যে, শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে পৰিষদে বহু যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰিছে। পার্বত্য জিলাৰ পৰা চিকিৎসা বিজ্ঞান পঢ়িবলৈ আগ্রহী ছাত্র-ছাত্রীক বিনামূলীয়া প্রশিক্ষণ প্রদান কৰা হব। ইতিমধ্যে অসম আৰু কেন্দ্রীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে পৰিষদে বিনামূলীয়া প্রশিক্ষণ প্রদান কৰা আহিছে। কেন্দ্রীয় লোকসেৱা আয়োগত স্থান লাভ কৰা ছাত্র-ছাত্রীক ১৫ লাখ টকালৈকে পৰিষদে প্রদান কৰিব বুলিও প্রকাশ কৰে ৰংহাঙে।
মূলতঃ শিক্ষাৰ জৰিয়তে জিলাখনৰ নিবনুৱা সমস্যা সমাধানৰ প্রচেষ্টা গ্রহণ কৰা হৈছে বুলিও জানিবলৈ দি ৰংহাঙে চিকিৎসা বিজ্ঞান পঢ়া ছাত্র-ছাত্রীক ৫০ হেজাৰ টকাকে প্রদান কৰি অহাৰ লগতে আইন পাছ কৰি অহা ছাত্র-ছাত্রীক পঞ্জীয়নৰ বাবে পৰিষদে ৫০ হেজাৰকৈ টকা প্রদান কৰি অহা বুলিও জানিবলৈ দিয়।