ASSAM TIMES POST
নগাঁও : নাগৰিকত্ব সংশোধনী আইনক লৈ সমগ্র ৰাজ্যজুৰি সৃষ্টি হোৱা অস্থিৰতাৰ মাজতে গ্ৰন্থৰ সুবাস বিলাই আজি সামৰণি পৰিল নগাঁও গ্ৰন্থমেলা- ২০১৯।
নগাঁও চহৰৰ কলংপাৰৰ নেহৰুবালিত সংস্কৃতিক গোষ্ঠী কল্লোলৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত যোৱা ১৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা নগাঁও গ্ৰন্থমেলাৰ আজি অন্তিম দিনৰ কাৰ্যসূচীত বিয়লি অনুষ্ঠিত হয় ‘প্ৰেৰণা আৰু সৃষ্টি’ শীৰ্ষক লেখক সমাৱেশ।
বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে আঁত ধৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি লেখক-সাংবাদিক জিতুমণি বৰাই তেওঁৰ সাহিত্যৰ যাত্ৰা সাংবাদিকতাৰ মাজেৰে আৰম্ভ হোৱা বুলি জানিবলৈ দিয়ে । আনহাতে কাকতত চৰকাৰৰ দুষ্কাৰ্য উদঙাই দিয়াৰ বাবে তেওঁ জেললৈ যাব লগীয়া হোৱাৰ বিষয়েও ভাষণ প্ৰসংগত উল্লেখ কৰে ।
যুৱ লেখিকা শৰ্মিষ্ঠা প্ৰীতমে অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় – “আমি কিতাপ পঢ়ি ভাল পোৱা মানুহ। ই আমাৰ পিয়াহ গুছোৱা পাত্ৰ। কিতাপ পঢ়া, লিখাৰ সুযোগ নাপালে আৰু লিখিব নোৱাৰা হ’লে মই আপোনালোকৰ ওচৰলৈ আহিবলৈ সুযোগ নাপালো হেতেন।” তেওঁ আৰু কয় – “মোৰ জীৱটোত যি বোৰ যন্ত্ৰণাৰ মুখামুখি হৈছো তাৰ পৰা উভতি আহিবলৈ কিতাপে মোক সহায় কৰিছে।” অনুষ্ঠানত আৰাধনা বৰা, মিনাৰা বেগম, জোনাক কৃষ্ণ শাণ্ডিল্য আদি উপস্থিত থাকে।