
বুধবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত (Wankhede Stadium in Mumbai) অনুষ্ঠিত হয় এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেল। ছেমি ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে ফাইনেলত প্ৰৱেশ কৰে। বৃহস্পতিবাৰে বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল মেচ কলকাতাত চলি আছে। অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকাৰ মেচখনত জয়ী হোৱা দলটোৱে অহা ১৯ নৱেম্বৰত (19th Novembar) আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ফাইনেলত (Final at Narendra Modi Stadium in Ahmedabad) ভাৰতৰ বিৰুদ্ধে খেলিব। দেওবাৰৰ সেই মেচখনলৈ এতিয়া দেশবাসীয়ে অপেক্ষা কৰি আছে। ইফালে উক্ত মেচখনৰ সময়ত বলীউডৰ তাৰকা অমিতাভ বচ্চন (Amitabh Bachchan)ৰ চকুত পটি বান্ধি ৰখাৰ নিদান দিলে এজন অনুৰাগীয়ে!
বুধবাৰৰ মেচখনত ভাৰতে জয়লাভ কৰাৰ পাছত বিগ বিয়ে নিজৰ ছচিয়েল মিডিয়া পেজত কয় যে তেওঁ ছেমি ফাইনেলত ভাৰতৰ খেলখন চোৱা নাছিল। অমিতাভে লিখিছে, “মই খেল নাচালেহে ভাৰত জয়ী হয়!” (“India wins only when I don’t see play!”) ইতিমধ্যে ছ’চিয়েল মিডিয়া পেজত ভাইৰেল হৈছে শ্বেহেনশ্বাহৰ স্বীকাৰোক্তি। অমিতাভে এই কথা ফাদিল কৰাৰ পিছতে নেটত সক্ৰিয় হৈ পৰিছে ক্ৰিকেট অনুৰাগীসকল।

তেওঁলোকৰ দাবী যে যদি অমিতাভে খেল নোচোৱাকৈ থাকিলে ভাৰতে মেচত জয়ী হয়, তেন্তে ফাইনেলৰ দিনাও তেওঁ চকুত পটি বান্ধি ৰখা উচিত। এজন অনুৰাগীয়ে ছচিয়েল মিডিয়াত তেওঁৰ চকুত পটি বান্ধি থকা এখন ছবি পোষ্ট কৰি লিখিছে, “অমিতাভ ছাৰ, দেওবাৰটো এনেকৈয়ে কটাওক।” অন্য এক অনুৰাগীয়ে দিছে, “দেওবাৰে বিগ বিক কোনোবা দ্বীপলৈ পঠাই দিয়াৰ ব্যৱস্থা কৰিব লাগে যʼত নেটৱৰ্ক নাথাকে।”
বহুতে জীৱনৰ কোনো এটা গুৰুত্বপূৰ্ণ বা দুৰ্বল মুহূৰ্তত কিছুমান অন্ধবিশ্বাসত বিশ্বাস কৰে। তাৰকাগৰাকীও ইয়াৰ ব্যতিক্ৰম নহয়। হয়তো সেই চিন্তাৰ বাবেই বিগ বিয়ে ভাৰতৰ খেল নাচায়। অৱশ্যে তেওঁৰ স্বীকাৰোক্তিয়ে নেটিজেনৰ মাজত এনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব বুলি তেওঁ হয়তো ভবা নাছিল।












